পুনৰ কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ..

পুনৰ কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ..
পুনৰ কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ..

ডিজিটেল সংবাদ কাজিৰঙাঃ বছৰৰ আৰম্ভণিতে কাজিৰঙাত দুটাকৈ গঁড় হত্যা কৰাৰ পাছত পুনৰ ৰাষ্ট্ৰীয় উদ্যানখনত উদ্ধাৰ হৈছে এজনী বয়স্ক মাইকী গঁড়ৰ মৃতদেহ। অৱশ্যে এইবাৰ উদ্ধাৰহোৱা গঁড়জনী চোৰাং চিকাৰীৰ পৰিৱৰ্তে বাঘৰ আক্ৰমণতহে মৃত্যুৰ সন্দেহ কৰা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মোনাবিলৰ সমীপৰ পৰ্যটন পথৰ কাষতে শনিবাৰে উদ্ধাৰ হৈছে এই গঁড়ৰ মৃতদেহটো। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই গঁড়জনীৰ দেহত বাঘৰ আক্ৰমণৰ চিন পোৱা বুলি জনাইছে।

উল্লেখ্যে, ইয়াৰ পূৰ্বে চলিত বছৰৰ ২২ জানুৱাৰীত কাজিৰঙাত দুটাকৈ গঁড় হত্যা কৰা হৈছিল। হত্যা কৰা দুয়োটা গঁড়ৰে খৰ্গ লৈ উধাও হৈছিল চোৰাং চিকাৰীৰ দলটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই যোৱা ২৬ জানুৱাৰীৰ নিশা গঁড় হত্যাৰে জড়িত থকাৰ অভিযোগত জগু পেগু নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।

লগতে মাটিত পুতি থোৱা অৱস্থাৰ পৰা এটা খৰ্গও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি, গঁড় হত্যাত ব্যৱহৃত এ কে ৪৭ ৰাইফল, সজীৱ গুলীসহ উদ্ধাৰ কৰাৰ লগতে বিভিন্ন আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হৈছিল ৷

পৰৱৰ্তী সময়ত জগু পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিতে ২৮ জানুৱাৰীত নিশা বোকাখাত আৰক্ষীৰ এটা দলে গঁড়ৰ খৰ্গ উদ্ধাৰৰ বাবে আগৰতলি বনাঞ্চলৰ উত্তৰে থকা চাপৰিলৈ যোৱাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত হেণ্ডকাফসহ জাঁপ দিয়ে জগু পেগুৱে। এই ঘটনা প্ৰায় দুটা সপ্তাহ হ'ল যদিও আজি পৰ্যন্ত জগু পেগুৰ কোনো সন্ধান নাই।

তাৰ মাজতে অৱশ্যে জগু পেগুক এ কে ৪৭ ৰাইফল যোগান ধৰাৰ অভিযোগত ২ ফেব্ৰুৱাৰীত গোগামুখৰ পৰা আটক কৰা হয় সুখদেউ কুটুমক ৷ ইয়াৰোপৰি আৰক্ষীয়ে আটক কৰিছে বোকাখাতৰ লৱনঘাটৰ এটা দম্পতীক গঁড়ৰ খৰ্গৰ অংশসহ আৰক্ষীয়ে আটক কৰিছে ৷

পুনৰ কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ..
নিজে উপস্থিত নাথাকি ভাড়াতীয়া শিক্ষকৰে পাঠদান THB কলেজৰ অধ্যাপকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in