নিজে উপস্থিত নাথাকি ভাড়াতীয়া শিক্ষকৰে পাঠদান THB কলেজৰ অধ্যাপকৰ

নিজে উপস্থিত নাথাকি ভাড়াতীয়া শিক্ষকৰে পাঠদান THB কলেজৰ অধ্যাপকৰ
নিজে উপস্থিত নাথাকি ভাড়াতীয়া শিক্ষকৰে পাঠদান THB কলেজৰ অধ্যাপকৰ

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত সংঘটিত হৈছে নাভুত-নাশ্ৰুত কাণ্ড ৷ ৰাজনীতি বিজ্ঞান বিভাগৰ এগৰাকী সহযোগী অধ্যাপকে নিজাববীয়াকৈ নিয়োগ কৰিলে ভাড়াতীয়া শিক্ষক৷

বিজু কুমাৰ দাস নামৰ এগৰাকী ব্যক্তিয়ে কৰা RTI ৰ তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ কাণ্ড৷ জানিব পৰা মতে সহযোগী অধ্যাপক ড০ জয়ন্ত বৰুৱাই নিজৰ পাঠদান ভাড়াতীয়া শিক্ষকৰ হতুৱাই কৰাইছিল ৷

নিজে মহাবিদ্যালয়ত উপস্থিত নথকাৰ লগতে শিক্ষাৰ্থীসকলক তেওঁ নিজেই পাঠদান নকৰি অন্য এজন যুৱকক নিয়োগ কৰিছিল জয়ন্ত বৰুৱা নামৰ সহকাৰী অধ্যাপকজনে ৷ কলেজখনৰ অধ্যক্ষ অজিত হাজৰিকাই এই তথ্য দিছে RTI উত্তৰত ৷

উল্লেখ্য যে, অধ্যক্ষই দিয়া তথ্য অনুসৰি ২০২২-২৩ বৰ্ষৰ ২৫৭ টা কৰ্মদিনৰ ভিতৰত ১৫৪ দিনহে মহাবিদ্যালয়ত উপস্থিত আছিল অধ্যাপক জয়ন্ত বৰুৱা। ইয়াৰ বিপৰীতে তেওঁ ১০৪ দিনেই অনুপস্থিত আছিল জয়ন্ত বৰুৱা ৷

সেইদৰে ২০২৩-২৪ বৰ্ষৰ নবেম্বৰ মাহলৈকে ২০০ টা কৰ্মদিনৰ ভিতৰত ১২৮ দিনহে মহাবিদ্যালয়ত উপস্থিত আছিল অধ্যাপকগৰাকী। বিপৰীতে ৭২ দিন অনুপস্থিত আছিল মহাবিদ্যালয়খনত।

তেওঁৰ অনুপস্থিতিৰ সময়ত ভাড়াতীয়া শিক্ষকে কৰিছিল পাঠদান ৷ তথ্য অনুসৰি ভাড়াতীয়া শিক্ষকজনক মহাবিদ্যালয়ৰ ফালৰ পৰা দিয়া নাই কোনো নিযুক্তি পত্ৰ ৷ জয়ন্ত বৰুৱাই নিজাববীয়াকৈ দিছিল নিযুক্তি ৷

এই সন্দৰ্ভত পূৰ্বেই মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়ত অনিয়মিতভাৱে উপস্থিত থকা জয়ন্ত বৰুৱাৰ ওপৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহন কৰিব সেই সন্দৰ্ভত নিৰ্দেশনা বিচাৰি উচ্চ শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো সুদুত্তৰ লাভ নকৰিলে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ ইফালে মহাবিদ্যালয়ত অনুপস্থিত থকা দিনৰো দৰমহা ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে অধ্যাপক জয়ন্ত বৰুৱাক৷

নিজে উপস্থিত নাথাকি ভাড়াতীয়া শিক্ষকৰে পাঠদান THB কলেজৰ অধ্যাপকৰ
এজন মন্ত্ৰীক হত্যা কৰিবলৈ ৫০ লাখ টকাৰে ৫ 'চুপাৰী কিলাৰ' নিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in