৫ দিনে ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে এটা গঁড়ঃ অৱশেষত সাৱটি ল'লে কৰুণ মৃত্যু...

৫ দিনে ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে এটা গঁড়ঃ অৱশেষত সাৱটি ল'লে কৰুণ মৃত্যু...

author-image
Asomiya Pratidin
New Update
৫ দিনে ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে এটা গঁড়ঃ অৱশেষত সাৱটি ল'লে কৰুণ মৃত্যু...

৫ দিনে ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে এটা গঁড়ঃ অৱশেষত সাৱটি ল'লে কৰুণ মৃত্যু...

ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যু হ'ল গোলাঘাটত সন্ত্ৰাস সৃষ্টি কৰি থকা গঁড়টোৰ। যোৱা ৫ দিন ধৰি গোলাঘাটৰ বিভিন্ন গাঁৱত সন্ত্ৰাস চলাই আছিল গঁড়টোৱে।

Advertisment

উল্লেখ্য যে, কাজিৰঙাৰ পৰা ওলাই যোৱা এই গঁড়টোক কাজিৰঙালৈ উভতাই পঠিয়াবলৈ দাবী জনাই আহিছিল যদিও বন বিভাগৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিল। তাৰ মাজতে গঁড়টো আঘাতৰ সন্মুখীনো হৈছিল।

আজি বন বিভাগৰ এটা দলে অতি তৎপৰতাৰে গঁড়টোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। আজি সন্ধিয়াৰে পৰা মুক্ত হৈ থকা এই গঁড়টো দুৰ্বল হৈ পৰিছিল। গঁড়টোৰ ভৰিত দেখা গৈছিল আঘাতৰ চিন।

স্থানীয় ৰাইজে আজি গঁড়টোক আঘাতপ্ৰাপ্ত অৱস্থাত দেখি বন বিভাগক খবৰ দিছিল যদিও বহু ঘণ্টা পলমকৈ উপস্থিত হৈছিলগৈ যদিও গঁড়টোৰ মৃত্যু হয়। ইফালে গঁড়টোৰ ভৰিত দেখা আঘাতৰ চিনে কিছু ৰহস্যৰো সৃষ্টি কৰিছে।

কাজিৰঙাৰ পৰা ওলাই গৈ জনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা গঁড়টোক যোৱা ৫ টা দিনে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম নোহোৱা বন বিভাগক এতিয়া সৰ্বত্ৰে ধিক্কাৰ জনাইছে। সকলোৱে একেমুখে বন বিভাগৰ বিষয়া কৰ্মচৰীৰ পৰা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ সকলোকে গৰিহণা দিছে।

Also Read: একমাত্ৰ উপাৰ্জনকাৰী বাল্য বিবাহৰ অভিযোগত আছে জে'লত: মাতৃ-পত্নীয়ে পেটৰ তাড়নাত পথত খুজিছে ভিক্ষা..

কাজিৰঙা গঁড়