একমাত্ৰ উপাৰ্জনকাৰী বাল্য বিবাহৰ অভিযোগত আছে জে'লত: মাতৃ-পত্নীয়ে পেটৰ তাড়নাত পথত খুজিছে ভিক্ষা..

একমাত্ৰ উপাৰ্জনকাৰী বাল্য বিবাহৰ অভিযোগত আছে জে'লত: মাতৃ-পত্নীয়ে পেটৰ তাড়নাত পথত খুজিছে ভিক্ষা..

author-image
Asomiya Pratidin
New Update
একমাত্ৰ উপাৰ্জনকাৰী বাল্য বিবাহৰ অভিযোগত আছে জে'লত: মাতৃ-পত্নীয়ে পেটৰ তাড়নাত পথত খুজিছে ভিক্ষা..

একমাত্ৰ উপাৰ্জনকাৰী বাল্য বিবাহৰ অভিযোগত আছে জে'লত: মাতৃ-পত্নীয়ে পেটৰ তাড়নাত পথত খুজিছে ভিক্ষা..

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ আইৰকাটা-নামাচলাত শ্বাহ জাহান নামৰ এগৰাকী স্বামীক বাল্য বিবাহৰ বাবে আৰক্ষীয়ে জে'ললৈ প্ৰেৰণ কৰাৰ পাছত আজি তেওঁৰ পত্নী আৰু মাতৃয়ে এমুঠি আহাৰৰ বাবে পেটৰ তাড়নাত ৰাস্তাই ৰাস্তাই ভিক্ষা খুজিবলগীয়া হৈছে।

Advertisment

ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী শ্বাহ জাহানৰ পিতৃ গোলাম মহাম্মদ বেমাৰত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছে। একমাত্ৰ উপাৰ্জনকাৰী জন এইদৰে আৰক্ষীৰ জালত পৰি জে'ললৈ যোৱাৰ লগে লগে পৰিয়ালটোলৈ হাহাকাৰ নামি আহিছে।

পেটৰ তাড়নাত আজি মহিলাগৰাকী শাহুয়েকৰ লগত ভিক্ষাৰ বাবে ওলাই আহিছে ৰাস্তালৈ। আজি এইদৰে পথে পথে ভিক্ষা কৰি আহাৰৰ ব্যৱস্থা কৰে পৰিয়ালটোৱে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে, বাল্য বিবাহৰ বাবে গ্ৰেপ্তাৰ হোৱা স্বামীৰ পত্নীয়ে চৰকাৰী অৰুণোদয় আঁচনি লাভ কৰিব।

কিন্তু প্ৰশ্ন হয়, প্ৰায় ৬ দিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা শ্বাহ জাহানৰ পত্নীয়ে কেতিয়া লাভ কৰিব অৰুণোদয় আঁচনি ? আৰু কিমান দিনলৈ এইদৰে মহিলা গৰাকীয়ে শাহুয়েকৰ সৈতে পথত ভিক্ষা খুজিবলগীয়া হ'ব? চৰকাৰৰ দৃষ্টি গোচৰ হ'বনে এনে দৃশ্য ?

Also Read: ডিগবৈত উত্তপ্ত পৰিস্থিতিঃ ৰাইজে ঘেৰাও কৰিলে থানা...

বাল্য বিবাহ