কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শতবৰ্ষ গৰকা মোহনমালাৰ অৱসৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শতবৰ্ষ গৰকা মোহনমালাৰ অৱসৰ

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শতবৰ্ষ গৰকা মোহনমালাৰ অৱসৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ এটা শতিকাৰ জীৱন্ত দলিল মোহনমালা ৷ শতায়ু গৰকিও পেঞ্চনপ্ৰাপ্ত মোহনমালা যেন আজিও তৰুণ ৷ শতবৰ্ষ অতিক্ৰম কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলোতকৈ বয়সীয়াল পোহনীয়া হাতী মোহনমালাৰ এতিয়া জিৰণিৰ সময় ৷ দীৰ্ঘ দিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্তব্য পালন কৰি অহাৰ পাছত নিৰ্দিষ্ট সময়ত মোহনমালাক কৰ্মৰ পৰা অৱসৰ দিলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Advertisment

তাৰ পাছৰে পৰা আজৰি সময় কটাইছে শতবৰ্ষ গৰকা মোহনমালাই ৷ ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্তব্যৰত অৱস্থাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত সাহসিকতাৰ পৰিচয় দিছিল বয়োজ্যেষ্ঠ হাতীজনীয়ে ৷ তদুপৰি আনুসাংগিক সকলো কামতে পাৰ্গত আছিল মোহনমালা৷

বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাৰ্বি পাহাৰৰ নামনিত মাউতৰ তত্বাৱধানত ৰখা হৈছে হাতীজনীক ৷ শতবৰ্ষ অতিক্ৰম কৰিলেও মাউতৰ পৰিচৰ্যাত সুস্থ সৱলভাৱে দিন অতিবাহিত কৰিছে মোহনমালাই ৷ কেতিয়াবা কণমানি হাতী পোৱালিও সংগী হৈ পৰে শান্ত প্ৰকৃতিৰ মোহনমালাৰ ৷ কণমানি হাতী পোৱালিৰ প্ৰতি থকা মোহনমালা অপত্য স্নেহৰ দৃশ্য হৈ পৰে আকৰ্ষণীয় ৷

Also Read: চিলাপথাৰত দুদিনীয়াকৈ লাচিত দিৱস উদযাপন

kaziranga