চিলাপথাৰত দুদিনীয়াকৈ লাচিত দিৱস উদযাপন

চিলাপথাৰত দুদিনীয়াকৈ লাচিত দিৱস উদযাপন

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ মাদুৰিপথাৰত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে লাচিত দিৱস। অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যান ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ উদ্যোগত আয়োজিত দিৱসৰ উপলক্ষত বৃহস্পতিবাৰে পুৱাতেই অনুষ্ঠিত হয় এক বিশাল 'হাফ মাৰাথন' প্ৰতিযোগিতা।

চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্ধোধন কৰে অসম চৰকাৰৰ শীৰ্ষ ক্ৰীড়া বিষয়াই। চিলাপথাৰৰ পৰা বগীবিল দলঙলৈকে ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাফ মাৰথান দৌৰ প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ শাখাৰ অৰ্ধশতাধিক বিভিন্ন অঞ্চলৰ পৰা অহা খেলুৱৈয়ে অংশ গ্ৰহণ কৰে।

চিলাপথাৰত দুদিনীয়াকৈ লাচিত দিৱস উদযাপন
কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in