/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/16e49f5c-232a-424d-a336-ffa49b3a9061/RATUL_PHUKAN_11.jpg)
ধেমাজি নাট সমাৰোহৰ পৰা উভতাৰ পথত দুৰ্ঘটনাত পতিত নাট্যকৰ্মী ৰাতুল ফুকনঃ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আহ্বান..
ডিজিটেল সংবাদ বোকাখাতঃ চলিত মাহৰ ৯ তাৰিখে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ আয়ুৰচন্দ্ৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বোকাখাতৰ ছিৰিয়াছ নাট্যকৰ্মী ৰাতুল ফুকন।ধেমাজিত "পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণি একাংকিকা নাট প্ৰতিযোগিতা"ত অংশগ্ৰহণ কৰি আহি থাকোতে এখন ডাম্পাৰৰ লগত হোৱা এটি পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল নাট্যকৰ্মীগৰাকী।
চিকিৎসালয়সূত্ৰৰ পৰা জানিব পৰা মতে নাট্যকৰ্মীগৰাকীৰ মুখমণ্ডলৰ তথা মূৰৰ চিকিৎসাৰ বাবে তৎকালীন ভাৱে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে যদিও তীব্ৰ আৰ্থিক সংকটত ভোগিছে পৰিয়ালটো।
দীৰ্ঘদিনৰ পৰা অসম তথা বোকাখাতৰ নাট্যজগতলৈ প্ৰচুৰ অৰিহনা আগবঢ়াই অহা নাট্যকৰ্মীজনৰ এনে আৰ্থিক সংকটৰ সময়ত কিছু আৰ্থিক সহায় আগবঢ়াই তেখেতৰ পৰিয়ালটোক উপকৃত কৰিবলৈ আহ্বান জনাইছে তেখেতৰ সতীৰ্থ সমাজে।
আৰ্থিক সহায়ৰ বাবে প্ৰয়োজনীয় বেংকৰ সবিশেষ-
বেংকৰ নাম Indian Bank,
একাউণ্টৰ গৰাকীৰ নাম- Ratul Phukan
একাউণ্ট নম্বৰ- A/C no :7608522892
IFSC CODE : IDIBOOOB100
Google pay no :9101827843
Also Read: ট্ৰেক্টৰ চলোৱা ইমজামামুলে চলাব ৰেঞ্জ ৰভাৰঃ ১০০ টকাত পালে বিলাসী গাড়ী...