ট্ৰেক্টৰ চলোৱা ইমজামামুলে চলাব ৰেঞ্জ ৰভাৰঃ ১০০ টকাত পালে বিলাসী গাড়ী...

ট্ৰেক্টৰ চলোৱা ইমজামামুলে চলাব ৰেঞ্জ ৰভাৰঃ ১০০ টকাত পালে বিলাসী গাড়ী...
ট্ৰেক্টৰ চলোৱা ইমজামামুলে চলাব ৰেঞ্জ ৰভাৰঃ ১০০ টকাত পালে বিলাসী গাড়ী...

ডিজিটেল ডেস্কঃ মাত্ৰ ১০০ টকা ব্যয় কৰি এজন ট্ৰেক্টৰ চালকে পালে ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰভাৰ বাহন। হাউলী ৰাস উপলক্ষে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ জৰিয়তে এই বিলাসী বাহনৰ গৰাকী হ'ল ইনজামামুল হক।

উল্লেখ্য যে, হাউলীৰ উত্তৰ কালঝাৰৰ বাসিন্দা ইনজামামুল পেছাত এগৰাকী ট্ৰেক্টৰ চালক। তেওঁ ৰাস উপলক্ষে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ ২ টাকৈ টিকট ক্ৰয় কৰিছিল।

ইয়াৰে ৪৭৮৬৫৫৯ নম্বৰৰ কুপখন খনে লাভ কৰিলে প্ৰথম পুৰস্কাৰ। ইয়াৰ পাছতে আনন্দিত হৈ পৰিছে ইনজামামুল হক। তেওঁৰ এই প্ৰাপ্তিত আনন্দিত হৈছে অঞ্চলটোৰ লোকসকলো।

উল্লেখ্যে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে জনপ্ৰিয় হৈ পৰা হাউলী ৰাসৰ উপহাৰ কুপন খেলখনত মুঠ ২১ টা পুৰস্কাৰ আছিল। ঘোষণা হোৱা ফলাফল অনুসৰি প্ৰথম পুৰস্কাৰ লাভ কৰিছে ৪৭৮৬৫৫৯ নম্বৰটোৱে লাভ কৰাৰ বিপৰীতে দ্বিতীয় পুৰস্কাৰ ১৭৬৩৫৭ নম্বৰটোৱে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে ২০৯৭৪৯ নম্বৰে।

সেইদৰে চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে ১৮০০৪৪ নম্বৰে। পঞ্চম পুৰস্কাৰ লাভ কৰিছে ১৯৩২৮৬ নম্বৰে। ষষ্ঠ পুৰস্কাৰ লাভ কৰিছে ২০৩৬৬৬৫ নম্বৰে। সপ্তম পুৰস্কাৰ লাভ কৰিছে ৩০১৯৬৩ নম্বৰে। অষ্টম পুৰস্কাৰ লাভ কৰিছে ১৩৫৫৩৬ নম্বৰে। নৱম পুৰস্কাৰ লাভ কৰিছে ১৩২১৬০ নম্বৰে আৰু দশম পুৰস্কাৰ লাভ কৰিছে ১৫৭৪৮৬ নম্বৰে।

সেইদৰে একাদিক্ৰমে একাদশৰ পৰা একবিংশ উপহাৰ লাভ কৰা নম্বৰসমূহ ক্ৰমে- ৩৩৬৬৩৬, ৩৫১৭৫১, ১০১২৯০২৮৮১২১, ২৯০১৫০, ৩৪৪৮৩৮, ২২৪৩২৭, ২২৯২৩১, ১৮৩৫১৩, ৪৬৬৪৮১ আৰু১৬১৯০০।

ট্ৰেক্টৰ চলোৱা ইমজামামুলে চলাব ৰেঞ্জ ৰভাৰঃ ১০০ টকাত পালে বিলাসী গাড়ী...
পৰাগ দাসঃ হাত দীঘল সাংবাদিকে নোকোৱা কথাবোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in