চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰাৰ প্ৰস্তুতি

চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰাৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, কাজিৰঙাঃ শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাথো কেইটামান দিন বাকী ৷ ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেসিত হৈছে সমগ্ৰ ৰাজ্য ৷ এনে সময়তে গোপবালক- গোপীৰ নৃত্যৰে মুখৰিত হৈ উঠিছে কাজিৰঙাৰ চেপেনাকোবোৱা গাওঁ ৷

শ্ৰীকৃষ্ণৰ বন্দনাৰে গোপী-গোপ বালকসকলে নিজকে বিলীন কৰি তুলিছে নৃত্যৰ মাজত৷ চেপেনাকোবোৱাবাসী ৰাইজৰ উদ্যোগত, নৱজ্যোতি শিল্পী সমাজ আৰু বৃহত্তৰ কাজিৰঙাবাসী ৰাইজৰ সহযোগত চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত অহা ২৮, ২৯ নৱেম্বৰত অনুষ্ঠিত হ'ব শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰা।

দুদিনীয়াকৈ আয়োজন কৰা এই শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱত অংশগ্ৰহণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকল ৷ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে কাজিৰঙাৰ আকাশ বতাহ ৷শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসৰ লগতে কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে।

চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰাৰ প্ৰস্তুতি
দক্ষিণ কামপুৰ উন্নয়ন সমিতিৰ উদ্যোগত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in