চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাসলীলা প্ৰদৰ্শন...

চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাসলীলা প্ৰদৰ্শন...
চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাসলীলা প্ৰদৰ্শন...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাৰ খুমটাইৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ । অসমীয়া সংস্কৃতিৰ জ্ঞান লাভৰ উদ্দেশ্যৰে গোলাঘাটৰ এখন উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷

চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দেওবাৰে নিশা প্ৰদৰ্শন কৰিলে ৰাসলীলা ৷ চিনাতলী বৰনামঘৰৰ নাট্যমন্দিৰত প্ৰদৰ্শন কৰা ৰাসত প্ৰতিটো চৰিত্ৰত অভিনয় কৰিলে উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ।

চিনাতলীৰ কেইজনমান উদ্যমী যুৱকে প্ৰায় ২০ দিন ধৰি প্ৰশিক্ষণ প্ৰদান কৰি সুনিপুণ কৰি তুলিলে কণ কণ ছাত্ৰ-ছাত্ৰী সকলক । কেইবা শতাধিক দৰ্শকৰ সন্মুখত ৰাসৰ অভিনয় কৰি আনন্দিত ছাত্ৰ-ছাত্ৰীসকলো ।

আনহাতে ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ ব্যক্ত কৰি আওৰালে ৰাসৰ বচনো । কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অভিনয় কৰা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত নৃত্য-গীতেৰে প্ৰাণচঞ্চল হৈ পৰিল চিনাতলীৰ সমগ্ৰ পৰিবেশ ৷

শিশুসকলৰ সুনিপুণ অভিনয়ে মোহিত কৰিলে কেইবা শতাধিক দৰ্শকক । শিশুৰ ৰাস উপভোগ কৰিবলৈ চিনাতলীৰ লগতে সমীপৱৰ্তী কেইবাখনো গাঁৱৰ পৰা দৰ্শকে ভিৰ কৰিলেহি ৷

চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাসলীলা প্ৰদৰ্শন...
মহাদেৱৰ‌ বন্দনাৰে গোলাঘাটৰ ৰাজপথত হাজাৰ হাজৰ শিৱ ভক্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in