মহাদেৱৰ‌ বন্দনাৰে গোলাঘাটৰ ৰাজপথত হাজাৰ হাজৰ শিৱ ভক্ত...

মহাদেৱৰ‌ বন্দনাৰে গোলাঘাটৰ ৰাজপথত হাজাৰ হাজৰ শিৱ ভক্ত...
মহাদেৱৰ‌ বন্দনাৰে গোলাঘাটৰ ৰাজপথত হাজাৰ হাজৰ শিৱ ভক্ত...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ বীৰাঙ্গণা সতী সাধনী কলাক্ষেত্ৰত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শৈৱ মহাসংঘৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস তথা প্ৰথম কেন্দ্ৰীয় অধিৱেশনৰ আজি সামৰণি পৰে । ভক্তিৰ মূল মন্ত্ৰৰে বিশ্বত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি জাতি-জনগোষ্ঠীসমূহক একত্ৰিত কৰি এখন বৃহৎ সমাজ সংগঠিত কৰাৰ লক্ষ্যৰে যোৱা বৰ্ষত জন্মলাভ কৰা শৈৱ‌ মহাসংঘৰ এই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হয় ।

তাৰ পিছতেই নিশালৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ লগতে দক্ষ যজ্ঞ নাট প্ৰদৰ্শন কৰা হয়। আজি দ্বিতীয় দিনা পুৱা এক বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰা অনুষ্ঠিত হয় । য'ত অসমৰ কেইবাখনো জিলাৰ প্ৰায় সহস্ৰাধিক শিৱ ভক্তই অংশগ্ৰহণ কৰে ।

তাৰোপৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ সন্ত,মহন্ত শিৱ ভক্তকে ধৰি প্ৰায় দুই সহস্ৰাধিক ভক্তই অ‍ংশগ্ৰহণ কৰিছে এই অধিৱেশনত। এই অধিৱেশনৰ লগত সঙ্গতি ৰাখি মুকলি ধৰ্মীয় সভা অনুষ্ঠিত হয় ।

য'ত মুখ্য বক্তা হিচাপে উপস্থিত থাকে জুনা আখৰাৰ অধ্যক্ষ গোবিন্দ গিৰি মহাৰাজ । উদযাপন সমিতিৰ সভাপতি ভুতনাথ ভাৰতীৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত পশ্চিম বংগৰ শৈৱ মহাসংঘৰ প্ৰতিনিধি বাপী প্ৰধান, উৰিষ্যাৰ ৰাজীৱ নায়ক, শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সৌমিত্ৰ গোস্বামী, উপ-সভাপতি চন্দ্ৰমোহন শৈৱ , সনাতন ভাৰতীৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ ভট্ৰ, কুটুম্ব সুৰক্ষা পৰিষদৰ অধ্যক্ষ সত্যৰঞ্জন বৰাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মহাদেৱৰ‌ বন্দনাৰে গোলাঘাটৰ ৰাজপথত হাজাৰ হাজৰ শিৱ ভক্ত...
পাকিস্তানত খেলিব যাব লাগিব ভাৰতঃ অন্যথা ভৰিব লাগিব বৃহৎ জৰিমণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in