অসমত উৎপাদিত ৰঙালাও কলিকতা, উৰিষ্যালৈ ৰপ্তানি...

অসমত উৎপাদিত ৰঙালাও কলিকতা, উৰিষ্যালৈ ৰপ্তানি...

author-image
Asomiya Pratidin
New Update
অসমত উৎপাদিত ৰঙালাও কলিকতা, উৰিষ্যালৈ ৰপ্তানি...

অসমত উৎপাদিত ৰঙালাও কলিকতা, উৰিষ্যালৈ ৰপ্তানি...

ডিজিটেল সংবাদ গোলাঘাটঃ অসমত উৎপাদিত পাচলি ৰপ্তানি হৈছে বহিঃ ৰাজ্যলৈ। কৃষকে উচিত মূল্যত বহিঃ ৰাজ্যলৈ ৰপ্তানি কৰিছে হাজাৰ হাজাৰ ৰঙালাও। যাক লৈ এতিয়া অসমৰ কৃষকৰ মুখত হাঁ‌হি বিৰিঙিছে।

Advertisment

ইয়াৰ অংশ হিচাপে আজি গোলাঘাট জিলাৰ কমাৰগাওঁ কৃষি চক্ৰৰ উৎপাদিত ৰঙালাও কলিকতা, উৰিষ্যা লৈ প্রেৰণ কৰা হয়৷ আজি কৃষি মন্ত্ৰী অতুল বৰাই কুৰুৱাবাহীত উপস্থিত হৈ কলিকতা, উৰিষ্যা অভিমুখী ট্ৰাকৰ বিহংগম কৃষি উৎপাদক কোম্পানীৰ দ্বাৰা উৎপাদিত ৰঙালাউৰ ৰপ্তানিৰ ফ্লেগ অফ কৰে।

উল্লেখযোগ্য যে, বিহংগম কৃষি উৎপাদক কোম্পানীৰ উদ্যোগত প্ৰায় ৫০০ বিঘা ভূমিত কৃষি বিভাগৰ সহযোগত কৃষকসকলে ৰঙালাউৰ খেতি কৰিছিল। খেতিডৰাত ৰোপণ কৰা "ই ডব্লিউ-১৩৭" আৰু "অৰ্জুনা" প্ৰজাতিৰ এই ৰঙালাউৰ উৎপাদনৰ পৰিমাণ প্ৰায় ১,৩০০ মেট্ৰিক টন।

প্ৰতি কেজিত ৭ টকা দৰত কৃষকৰ পৰা ক্ৰয় কৰা ৰঙালাও ট্ৰাকৰ জৰিয়তে বহি: ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে। কোনো ধৰণৰ কষ্টৰ সন্মুখীন নোহোৱাকৈ কৃষি ভূমিৰ পৰাই ওজন কৰি বিক্ৰী কৰিব পৰা হোৱাত কৃষকসকল যথেষ্ট আনন্দিত হৈছে।

Also Read: গোগামুখত মাৰণাস্ত্রসহ আটক এজনক...

কৃষি