গুৱাহাটীৰ-নাহৰলগুণ অভিমুখী ডয়নি প'ল এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ যুৱক...

ডয়নি প'ল এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ যুৱক...

author-image
Asomiya Pratidin
New Update
ডনি প'ল' এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ হোৱা যুৱক উদ্ধাৰ

ডিজিটেল সংবাদ, ইটানগৰ: বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ পৰা নাহৰলগুণ অভিমুখী ডয়নি প'ল এক্সপ্ৰেছৰে যাত্ৰা কৰা ইটানগৰৰ এগৰাকী যুৱক পুৱতি নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছে। টাৰ টাপিং নামৰ ২৩ বছৰীয়া যুৱকজনৰ ৰঙা টি চাৰ্ট আৰু মোগা বৰণৰ লং পেন্ট পৰিধান কৰি আছিল। প্ৰায় পাঁচ ফুট ছয় ইঞ্চি ওখ যুৱকজনৰ গাৰ বৰণ বগা।

Advertisment

পৰিয়ালৰ লোকে জনোৱা মতে যোৱা কিছুদিন ধৰি মানসিকভাৱে অসুস্থ যুৱকজনক গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসা কৰি বৃহস্পতিবাৰে ইটানগৰ লৈ যোৱাৰ পথত ৰাঙাপাৰা জংচন আৰু হাৰমতি ষ্টেচনৰ ভিতৰতে যুৱকজন নিৰুদ্দেশ হৈছে।

কোনো সদাশয় লোকে যুৱক জনৰ সন্ধান পালে 9774880837, 7005288451 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। উল্লেখ্য যে নিৰুদ্দেশ যুৱকজনৰ সম্ভেদ দিয়া জনক পৰিয়ালৰ লোকে দহ হাজাৰ টকাৰ পুৰস্কাৰ দিব বুলিও জনাইছে।

Also Read: অস্তিত্বৰ সংকটত ঐতিহাসিক ঝগৰাৰ বিল...

donyi polo exress missing case