গোলাঘাটত ৰন্ধন কৰ্মীৰ বিক্ষোভ...

গোলাঘাটত ৰন্ধন কৰ্মীৰ বিক্ষোভ...
গোলাঘাটত ৰন্ধন কৰ্মীৰ বিক্ষোভ...

ডিজিটেল সংবাদ গোলাঘাটঃ ন্যূনতম মজুৰি আইনৰ ভিত্তিত বিদ্যালয়সমূহৰ ৰন্ধন কৰ্মচাৰীক মাহিলী ১০ হাজাৰ টকা মাননি ধাৰ্য কৰা, বছৰৰ ১২ মাহৰ বাবেই মাননি দিয়া, প্ৰতিমাহৰ মাননি নিয়মীয়াকৈ আদায় দিয়া,সমষ্ট বকেয়া মাননি শীঘ্ৰে আদায় দিয়া,বিদ্যালয় বন্ধ কৰা আৰু একত্ৰীকৰণৰ ফলত কাম হেৰুওৱা ৰন্ধন কৰ্মীক তিনিলাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰা, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহাৰ্য প্ৰদান কৰা, মধ্যাহ্ন ভোজন আঁচনিৰ বেচৰকাৰীকৰণৰ প্ৰচেষ্টা বন্ধ কৰা-ইত্যাদি দাবীৰ ভিত্তিত চি আই টি ইউৰ অন্তৰ্ভুক্ত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰাজ্যত গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচী গোলাঘাট নগৰতো ৰূপায়ন কৰা হয় ।

ইউনিয়নৰ গোলাঘাট জিলা কমিটিৰ উদ্যোগত গোলাঘাট জেনেৰেল ফিল্ডত শতাধিক ৰন্ধন কৰ্মী সমৱেত হৈ শোভাযাত্ৰা কৰি আহি গোলাঘাট জিলা কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে।

উল্লেখ্য যে, দাবীসমূহৰ সমৰ্থনত প্ৰায় দুই হাজাৰ ৰাজহুৱা চহী সংগ্ৰহ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ যোগেদি অসমৰ শিক্ষামন্ত্ৰীলৈ চহীসম্বলীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।প্ৰচণ্ড ক্ষোভত থকা ৰন্ধন কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰক সকীয়াই দি কয় যে,যদিহে ৰন্ধন কৰ্মীসকলৰ জীৱন আৰু শ্ৰমৰ মৰ্যদাক চৰকাৰে গুৰুত্ব নিদিয়ে তেন্তে ২০২৪ত কেন্দ্ৰ আৰু ২০২৬ত অসমৰ পৰা বিজেপি চৰকাৰক ক্ষমতচ্যুত কৰাৰ বাবে ৰন্ধন কৰ্মীসকল মাৰ বান্ধি থিয় দিব।

বিক্ষোভৰ আৰম্ভনীতে অনুষ্ঠিত হোৱা এখন প্ৰতিবাদী সভাত চি আই টি ইউৰ গোলাঘাট জিলা সম্পাদক প্ৰকাশ হাজৰিকাই ৰন্ধন কৰ্মীৰ আন্দোলনলৈ সমৰ্থন জনাই বক্তব্য প্ৰদান কৰে। আজিৰ এই কাৰ্যসূচীৰ গুৰি ধৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ জিলা সম্পাদিকা নিপামণি বৰা, সভানেত্ৰী জ্যোতি শইকীয়া, জিলা সদস্যা অপৰাজিতা গগৈ,পূণ্য ফুকন,চি আই টি ইউৰ জিলা সদস্য জিতেন ৰাভা আদিয়ে।

গোলাঘাটত ৰন্ধন কৰ্মীৰ বিক্ষোভ...
নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী মহোৎসৱৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in