/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ee6b1b72-c96e-4d7d-804c-508711a3ae5f/NAGAON_22.jpg)
নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী মহোৎসৱৰ আয়োজন...
ডিজিটেল সংবাদ বঢ়মপুৰ: নগাঁও জিলাৰ ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী মহোৎসৱভাগ শনিবাৰৰ পৰা তিনিদিনীয়াকৈ নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ মূখ্য কাৰ্য্যালয় ননৈ বাদল গাঁৱত অনুষ্ঠিত হ'ব। ইতিমধ্যে সোণালী জয়ন্তী মহোৎসৱ সফল কৰিবৰ বাবে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ মূখ্য কাৰ্য্যালয়ত ব্যাপক প্ৰস্তুতি চলিছে।
আজি জিলা মূখ্য কাৰ্য্যালয়ত অনুষ্ঠান সফল কৰিবৰ বাবে বিষয়ববীয়াসকল উপস্থিত হৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা যায়। উল্লেখযোগ্য যে, উঠি অহা প্ৰজন্মৰ ব্ৰাহ্মণ যুৱক-যুৱতীসকলক সু-সংগঠিত কৰাৰ লগতে যাজকসকলে বৈদিক কৰ্ম যাতে সুকলমে কৰিব পাৰে তাৰ বাবে নগাঁও জিলা ব্ৰাহ্মণ সমাজে বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে।
ইফালে অবিভক্ত নগাঁৱৰ বিভিন্ন আঞ্চলিকৰ পৰা দৈনিক চাৰিশতাধিক লোক উক্ত মহোৎসৱত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে । শেষৰ দিনা অৰ্থাৎ নগাঁও চহৰৰ নাট্য মন্দিৰত এখন মুকলি সভা অনুষ্ঠিত হ'ব।এই সভাত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি বিষয়ববীয়াসকলে জানিবলৈ দিছে।
Also Read: চৰ্চাত শ্বাহৰুখ খানৰ নতুন ছবি ডংকীঃ আপুনি জানেনে প্ৰথম দিনাৰ উপাৰ্জনৰ পৰিমাণ...