গোলাঘাটত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

গোলাঘাটত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
গোলাঘাটত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, গোলাঘাটঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত নতুন পেন্সন নীতি বাতিলৰ দাবীত ৭ অক্টোবৰ তাৰিখে গোলাঘাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে। নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি প্ৰৱৰ্তনৰ মূল দাবী আৰু লক্ষ্যৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Advertisment

উক্ত কাৰ্যসূচীত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ জিলা সম্পাদক শ্ৰী প্ৰবীন গগৈ, সভাপতি শ্ৰী প্ৰসন্ন শৰ্মা, উপ-সভাপতি অজিত শইকীয়া, মূখ্য উপদেষ্টা ৰূপজ্যোতি ফুকন, আমোলা সন্থাৰ ৰফিক আহমেদ, মধ্য ইংৰাজী জিলা সন্থাৰ দিপক গগৈ,অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰাঞ্জল শৰ্মা,মাধ্যমিক শিক্ষক সন্থাৰ সম্পাদক নিপন দত্ত, মজলীয়া শিক্ষক সন্থাৰ কুশল দাস আদি বিশিষ্ট ব্যক্তিসকলে নিজৰ মন্তব্য প্ৰদান কৰে।

লগতে NMOPS সমিতিৰ সভাপতি হৰিহৰ বৰা, জিলা সহকাৰী সম্পাদক কিশোৰ শইকীয়া, আমোলা সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদিকা ৰেখা হাজৰীকা, সদৌ অসম ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ সদস্য মদন গগৈ, জিলা সমিতিৰ সদস্য বলিন বৰা, জিলা সাংগঠনিক সম্পাদক দেৱজিত বৰা, জিলা সদস্য ললিত বৰা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যোগাযোগ সম্পাদক আব্দুল হাচিম, জিলা সমিতিৰ নিকুঞ্জ মেধি, দৈয়াং NPS সন্থাৰ বিপিন দাস, বোকাখাত জিলা সমিতিৰ কৰ্মচাৰী পৰিষদৰ উপসভাপতি পৱন কলিতা, মালা তামুলী আদিয়ে ভাষণ প্ৰদান কৰে।

Also Read: ধিং মহাবিদ্যালয়ত "দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা" শীৰ্ষক বক্তৃতা অনুষ্ঠান

ASSAM GOVERNMENT