গোলাঘাটৰ শিশুৰ ওমলা চ'ৰাক ধ্বংসৰ ষড়যন্ত্ৰৰ প্ৰতিবাদ...

কলা শিৰোমনি প্ৰয়াত প্ৰদীপ চলিহাই প্ৰতিষ্ঠা কৰা গোলাঘাটৰ অন্যতম সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ অজন্তা কলা মণ্ডলক গোলাঘাট পৌৰসভাই পেশাদাৰী লোকক গটাই দিবলৈ প্ৰস্তুতি চলোৱাক লৈ এতিয়া চহৰ খনৰ সাংস্কৃতিপ্ৰেমীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ শিশুৰ ওমলা চ'ৰাক ধ্বংসৰ ষড়যন্ত্ৰৰ প্ৰতিবাদ...

শিশুৰ ওমলা চ'ৰা

ডিজিটেল সংবাদ গোলাঘাটঃ কলা শিৰোমনি প্ৰয়াত প্ৰদীপ চলিহাই প্ৰতিষ্ঠা কৰা গোলাঘাটৰ অন্যতম সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ অজন্তা কলা মণ্ডলক গোলাঘাট পৌৰসভাই পেশাদাৰী লোকক গটাই দিবলৈ প্ৰস্তুতি চলোৱাক লৈ এতিয়া চহৰ খনৰ সাংস্কৃতিপ্ৰেমীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Advertisment

দিনৰ পাছত দিন ধৰি একাংশ নিস্বাৰ্থ সংস্কতি প্ৰেমীৰ নিৰলস প্ৰচেষ্টাত প্ৰাণ পাই উঠা সত্ৰীয়া সংস্কৃতিৰ এই ঐতিহ্যমণ্ডিত চৰ্চা কেন্দ্ৰটো ৮০ দশকলৈকে এই কলা মণ্ডলটোত সাংস্কৃতিক চৰ্চা কেন্দ্ৰ হিচাপে চলি আছিল ।

সময়ৰ লগে লগে এই অনুষ্ঠানটিৰ গুৰি ধৰা কোনো লোক নথকাত আৰু দিনে দিনে অৰ্থৰ অভাৱত গৃহটি জহি খহি যাবলৈ ধৰি চৌহদটো অসামাজিক কাৰ্যকলাপৰ কেন্দ্ৰ হৈ পৰিছিল ।

২০০০ চনত সেই সময়ৰ গোলাগাট জিলাৰ উপায়ুক্ত ড০ ৰবি কোটাই গোলাঘাট পিপলছ প্ৰজেক্টৰ অধীনত গৃহটি পুনৰ নিৰ্মাণ কৰি সজীৱ কৰি তোলে আৰু বিভিন্ন অনুষ্ঠানে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লয় ।

গোলাঘাট চাৰুকলা বিদ্যালয়, প্ৰবীন শিল্পী মঞ্চ, শিশুৰ ওমলা চ'ৰা আদি অনুষ্ঠানে বিভিন্ন কৰ্মশালা সময়ে সময়ে অনুষ্ঠিত কৰিছিল ।

শিশুৰ ওমলা চ'ৰা
শিশুৰ ওমলা চ'ৰা

এই ভৱনতে ২০০৫ চনৰ জুলাই মাহৰ পৰা গোলাঘাট পৌৰসভাৰ অনুমোদন ক্ৰমে বৰ্তমানলৈকে গোলাঘাটৰ একমাত্ৰ শিশু অনুষ্ঠান শিশুৰ ওমলা চ'ৰা চলি আছে । শিশুৰ ওমলা চ'ৰাত কণ কণ শিশু সকলক সত্ৰীয়া নৃত্য, গীত, নাটক-ভাওনাৰ অভিনয়, কবিতা আবৃত্তি আদি প্ৰতি শনি আৰু দেওবাৰে শিকোৱাৰ ওপৰিও মইনা পাৰিজাত চ'ৰা অনুষ্ঠিত কৰি আছে ।

শিশুৰ ওমলা চ'ৰাৰ উপভোগ্য অনুষ্ঠানৰ শলাগ গোলাঘাটবাসীয়ে সদায় লৈ আহিছে । উল্লেখ্য যে আজি ২০ বছৰ ধৰি প্ৰতি শনি আৰু দেওবাৰে চলি থকা দিনকেইটাত এজন পেশাদাৰী নৃত্য শিল্লীক হঠাতে মাচুলৰ নিৰীখ বান্ধি চলাবলৈ দিয়া এখন পত্ৰৰ প্ৰতিলিপি অজন্তা কলা মণ্ডলৰ সদস্য সচিব তথা গোলাঘাট পৌৰসভাৰ পৌৰপতিয়ে শিশুৰ ওমলা চ'ৰাক প্ৰদান কৰে ।

এই পত্ৰ পাই ওমলা চ'ৰাৰ পৰিচালনা সমিতি, ১০গৰাকী প্ৰশিক্ষক আৰু ২০৯ জন কৈ শিশু আৰু শিশুৰ অভিভাৱক সকল হতভম্ব হৈ পৰে আৰু কালি বিষয়টোৰ সম্পৰ্কত পৰিচালনা সমিতিৰ সভাপতি ভবেশ তামুলীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰে ।

শিশুৰ ওমলা চ'ৰা
শিশুৰ ওমলা চ'ৰা

মইনা পাৰিজাতৰ দৰে স্বেচ্চাসেৱী অনুষ্ঠান এটাক আঁতৰাই এই শিশু আৰু কিশোৰৰ অনুষ্ঠান শিশুৰ ওমলা চ'ৰাক ধ্বংস কৰাৰ ষড়যন্ত্ৰক কালিৰ অনুস্থিত হোৱা ৰাজহুৱা সভাই উদ্বেগ প্ৰকাশ কৰে ।

বিশেষকৈ পৌৰপতিয়ে দিয়া পত্ৰত উল্লেখ থকা পদ্মশ্ৰী যতীন গোস্বামী দেৱৰ অনুৰোধ সম্পৰ্কত সভাপতি তামুলীয়ে সভাৰ আঁত ধৰি সভাপতি গৰাকীয়ে শিশুৰ ওমলা চ'ৰাৰ সত্ৰীয়া নাচ বাদ্যৰ প্ৰশিক্ষক তথা পদ্মশ্ৰী যতীন গোস্বামী দেৱৰ খোল বাদ্যৰ সহযোগী খোল সম্ৰাট সদা হাজৰিকাই পদ্মশ্ৰী যতীন গোশ্বামীৰ লগত বিষয়টোৰ সম্পৰ্কত যোগাযোগ কৰে বুলি অৱগত কৰে ।

হাজৰিকাৰ উদ্ধৃতিৰে সভাপতি গৰাকীয়ে জনাই যে পদ্মশ্ৰী যতীন গোশ্বামীয়ে অজন্তা কলা মণ্ডল অনুষ্ঠানটি সত্ৰীয়া চৰ্চা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ হে পৰামৰ্শ দিয়ে , কোনো পেছাদাৰী ব্যক্তি বিশেষক অৰ্পন কৰিবলৈ দিয়া পত্ৰত তেখেতৰ নাম থকাত আশ্বৰ্য প্ৰকাশ কৰে বুলি সভাপতি গৰাকীয়ে সভাক অৱগত কৰে ।

সভাই অজন্তুা কলা মণ্ডল কৰ্তৃপক্ষক এই সিদ্ধান্তৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় । সভাত বক্তব্য ৰাখে প্ৰফুল্ল গোস্বামী, চফিয়া হুছেইন, প্ৰফুল্ল বৰুৱা আদিয়ে । উল্লেখযোগ্য পদ্মশ্ৰী যতীন গোস্বামী গোলাঘাটৰ শিশুৰ ওমলা চ'ৰাৰ মুখ্য উপদেষ্টাৰ পদ অলংকৃত কৰি আহিছে ।

Also Read: মাৰ্ঘেৰিটা কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডত আছে নেকি আন কোনোবা জড়িত?

golaghat Omla ghar