মন্ত্ৰী অতুল বৰাৰ গণ বিৰোধী স্থিতিঃ বোক‍াখাতৰ দুসুঁতীমুখত ৰাইজৰ সংবাদ মেল...

মন্ত্ৰী অতুল বৰাৰ গণ বিৰোধী স্থিতিঃ বোক‍াখাতৰ দুসুঁতীমুখত ৰাইজৰ সংবাদ মেল...

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী অতুল বৰাৰ গণ বিৰোধী স্থিতিঃ বোক‍াখাতৰ দুসুঁতীমুখত ৰাইজৰ সংবাদ মেল...

মন্ত্ৰী অতুল বৰাৰ গণ বিৰোধী স্থিতিঃ বোক‍াখাতৰ দুসুঁতীমুখত ৰাইজৰ সংবাদ মেল...

ডিজিটেল সংবাদ বোকাখাতঃ নিজ সমষ্টিতে পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ খেদা খোৱা কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে পুনৰ খৰ্গহস্ত হৈ পৰিছে জনসাধাৰণ। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে একত্ৰিত হৈছে বোকাখাতৰ দপৰীয়া জনজাতীয় ৰাইজ।

Advertisment

এই ৰাইজেই আজি এক সংবাদ মেল সম্বোধন কৰে। গৃহ সমষ্টিত গণৰোষৰ বলি হোৱা মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰা জনতাক পোতাশাললৈ নিক্ষেপ কৰাৰ বাবে যি তৎপৰতা দেখাইছে তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে এই লোকসকল।

উল্লেখ্য যে, বুধবাৰে এটি গ্ৰাম্য পথৰ আধাৰশিলা কৰিবলৈ গৈ গৃহ সমষ্টিতে গণ ৰোষৰ সন্মুখীন হৈছিল কৃষিমন্ত্ৰী অতুল বৰা। মূল পথ জৰাজীৰ্ণ তথা বিধ্বস্ত হৈ থকাৰ পাছতো নিৰ্মাণত গুৰুত্ব নিদিয়া মন্ত্ৰী বৰাই এটা গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰিবলৈ যোৱাক লৈ অসন্তুষ্ট হৈ পৰিছিল স্থানীয় লোক।

স্থানীয় লোকে বিচাৰিছিল ২০২১ চনতে আধাৰশিলা স্থাপন কৰা দুসুঁতীমূখৰ বহুল ব্যৱহৃত এটি বিধ্বস্ত পথ নিৰ্মাণ কৰাটো। তাৰ পৰিৱৰ্তে মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই যোৱা বুধবাৰে গাঁৱৰ এটি উপ-পথৰ অধাৰশিলা কৰিয়েই দায়িত্ব সামৰিব বিছাৰিছিল।

ফলত প্ৰথমে বাক বিতণ্ডা আৰু তাৰ পাছতে অতুল বৰা বিৰোধী শ্লোগান আওৰাই জনতাই। পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে মন্ত্ৰী বৰাই ততাতৈয়াকৈ সেই স্থান এৰি পলায়ন কৰিছিল।

ইয়াৰ পাছতেই সেই প্ৰতিবাদী জনতাৰ একাংশক পোতাশাললৈ নিক্ষেপ কৰাৰ চেষ্টা চলাইছে মন্ত্ৰী বৰাই। মুঠ ৮ গৰাকী প্ৰতিবাদী গঞাৰ বিৰুদ্ধে তৰা হৈছে গোচৰ। সেয়ে আজি স্থানীয় ৰাইজ একত্ৰিত হৈ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাক শীঘ্ৰে এই গোচৰ উঠাই ল'বলৈ দাবী কৰিছে। অন্যথা বৃহত্তৰ দপৰীয়া অঞ্চলত অতুল বৰাৰ প্ৰৱেশ নিষিদ্ধ কৰিব স্থানীয় লোকসকলে। 

Also Read: মহানগৰীত পানীৰ পাইপ মেৰামতিৰ নামত গাঁত খান্দি মৰণফাণ্ড পতা সংস্থাৰ বিৰুদ্ধে এজাহাৰ...

বোকাখাত অতুল বৰা