/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2bb89592-2e2e-48bf-95ec-46ff343d5100/AP_FOR_WEB__fir.jpg)
মহানগৰীত পানীৰ পাইপ মেৰামতিৰ নামত গাঁত খান্দি মৰণফাণ্ড পতা সংস্থাৰ বিৰুদ্ধে এজাহাৰ...
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বিভিন্ন মূলপথ, উপ পথত জধে-মধে গাঁত খান্দি মৰণফাণ্ড পতা এ কে কনষ্ট্ৰাকচনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। জাইকাৰ পানী যোগানৰ বাবে গুৱাহাটীত পাইপ লাইনৰ মেৰামতিৰ কাম কৰি আছে এই এ কে কনষ্ট্ৰাকচনে।
এ কে কনষ্ট্ৰাকচনৰ গাফিলতি তথা কাণ্ডজ্ঞানহীনতাৰ বাবেই বৃহস্পতিবাৰে পুৱাই গণেশগুৰিত পথ দুৰ্ঘটনাত নিহত হ'ল লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰীৰ। বিধায়ক আৱাসৰ কাষতেই ৰাজপথত পাইপ মেৰামতিৰ নামত এটা প্ৰকাণ্ড গাঁত খান্দিছিল এই সংস্থাটোৱে।
গাঁতটোৰ চাৰিওফালে নাছিল কোনো সুৰক্ষা ব্যৱস্থা অথৱা ফলক। ৰাজপথৰ মাজলৈকে দ'ম কৰি ৰাখিছিল গাঁতটোৰ মাটি। যাৰ বাবে এই কৰুণ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে।
ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ বহু বিতৰ্কিত জাইকাৰ বিৰুদ্ধে এক জনমত গঢ়লৈ উঠিছিল। তাৰ মাজতে জাইকাৰ এই পাইপলাইনৰ মেৰামতিৰ নাম কৰি থকা এ কে কনষ্ট্ৰাকচনৰ বিৰুদ্ধে জল ব'ৰ্ডে দাখিল কৰিলে এজাহাৰ।
উল্লেখ্য যে, আজি পৰ্যন্ত মুঠ ১২ টা স্থানত এই এ কে কনষ্ট্ৰাকচনৰ কাম চলি আছে। সংস্থাটোৰ প্ৰায় প্ৰতিটো কামতেই ধৰা পৰিছে বিসংগতি। বহু স্থানত কাম সম্পূৰ্ণ কৰাৰ পাছতো গাঁত পূৰ কৰা নাই সংস্থাটোৱে।
প্রয়োজনীয় স্থানত দিয়া নাই শ্লেৱো। গতিকে জন সাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ দিশটোলৈ আওকান কৰি চৰম দায়িত্বহীনতাৰে এইদৰে কামত পাল মৰা সংস্থাটোৰ বিৰুদ্ধে এতিয়া জল ব'ৰ্ড খৰ্গহস্ত হৈ উঠিছে।
সেয়ে সংস্থাটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি এই সন্দৰ্ভত জল ব'ৰ্ডৰ সংশ্লিষ্ট বিষয়াই কয়, এনে সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। কামত গাফিলতি কৰা, দায়িত্বহীনতাৰে কাম কৰা কোনো ঠিকাদাৰ সাৰি নাযাব।
উল্লেখ্য যে, বিভিন্ন কাৰণত আজিৰ তাৰিখত গুৱহাটীত মুঠ ৭ টাকৈ প্ৰতিষ্ঠানে বিভিন্ন স্থানত গাঁত খান্দিছে। এই গাঁতবোৰে জন জীৱনলৈ নমাই আনিছে প্ৰচণ্ড ভাবুকি।
পুৱতি নিশা অহা এজাক বৰষুণৰ ফলত এতিয়া গুৱাহাটীৰ বিভিন্ন স্থানত দেখা গৈছে কৃত্ৰিম বান। যাৰ বাবে কেইবাটাও স্থানত পূৰ্বে খান্দি থোৱা এনে গাঁতৰ বাবেই সৰু সৰু দুৰ্ঘটনা সংঘটিত হোৱাৰো খবৰ পোৱা গৈছে। হাতীগাওঁ অঞ্চলত খান্দি থোৱা এনে এটা গাঁততে এখন বাহন সোমাই যোৱাৰ ফলত বাহনখনৰ যথেষ্ট ক্ষতি হোৱা পৰিলক্ষিত হৈছে।
Also Read: আঠখেলীয়া নামঘৰৰ 'অষ্ট নিধি স্বৰ্ণ বঁটা' ঘোষণাঃ বিনামূলীয়া শিক্ষা, উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ...