/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c9f359c4-234c-408a-8a3a-cf4c157c6559/366.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : অহা ৮ মাৰ্চত কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ জানিব পৰা মতে ৮ মাৰ্চৰ আবেলি কাজিৰঙাৰ কহঁৰাত উপস্থিত হৈ নিশা কহঁৰাস্থিত আৰক্ষী অতিথিশালাত কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/5f69a38b-b744-4d5f-846e-2ef27124edba/429661404_953724129453251_6893860439433717243_n.jpg)
৯ মাৰ্চৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল দৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বন বিভাগৰ লগতে ৰাজ্য প্ৰশাসন ৷ বুধবাৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত মুখ্য সচিব পৱন বৰঠাকুৰ,আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিট সিং, প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই কাজিৰঙাত প্ৰধানমন্ত্ৰী ভ্ৰমনৰ সাম্ভাৱ্য স্থানসমূহ পৰিদৰ্শন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c6d667d2-3acd-4eff-9238-8065fa93e748/428699526_953724056119925_1719658136126431080_n.jpg)
লগতে মন্ত্ৰী পাটোৱাৰীৰ সৈতে কেইবালানিও বৈঠকত মিলিত হয় বিষয়াসকল ৷ কহঁৰা বনাঞ্চলত প্ৰধানমন্ত্ৰীৰ বাবে জীপ ছাফাৰী আৰু হাতী ছাফাৰী দুয়োটাই সাজু কৰি ৰখা হ’ব বুলি জনাই বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পাছত অৰুণাচললৈ যাব প্ৰধানমন্ত্ৰী মোডী ৷
Also Read: সংকটত দল ! গ্ৰীণউডত বৰা-গগৈ ফূৰ্তিত মচগুল