সংকটত দল ! গ্ৰীণউডত বৰা-গগৈ ফূৰ্তিত মচগুল

ফটো দেখি বিৰোধীয়ে আৰু এক সুযোগ পাই তাৰো সুব্যৱহাৰ কৰিলে। মুখ্যমন্ত্ৰীয়ে গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই বাইক ৰেলী কৰি ফুৰা সময়ত বিৰোধী কংগ্ৰেছে কি কৰি আছে তাক উদঙাই দিলে
সংকটত দল ! গ্ৰীণউডত বৰা-গগৈ ফূৰ্তিত মচগুল

লোকসভা নিৰ্বাচনৰ পূৰ্বেই ইটোৰ পাচত সিটো আঘাতত বিধ্বস্ত হৈছে কংগ্ৰেছ। শাসকীয় দল বিজেপিৰ পৰিকল্পিত ৰণনীতিৰ আগত অস্তিত্বহীন হৈ পৰিছে দলটো।

বিৰোধীক চলে-বলে প্ৰকাৰন্তে ইটোৰ পাচত সিটো মোক্ষম আঘাত হানি গৈছে বিজেপিয়ে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছে কোনো পদক্ষেপে লোৱা চকুত পৰা নাই এতিয়া।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নীৰৱ দৰ্শক হৈ পৰিছে। চকুৰ সন্মুখতে ইজনৰ পিচত সিজন শীৰ্ষ নেতৃত্বই দল এৰি গৈছে যদিও কাৰ্যতঃ এই গৰাখহনীয়া ৰুধিব পৰা শক্তি যে বৰাৰ নাই এয়া প্ৰমাণ হৈ গৈছে।

অতি শেহতীয়াকৈ দলটোৰ আন এজন কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰিলে। বিজেপিত যোগদান কৰাৰ লক্ষ্যৰে দলীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা গোস্বামীয়ে বিজেপিত যোগদান কৰিব বুলি পূৰ্বৰ পৰাই চৰ্চিত হৈ আহিছিল।

সেই খবৰ মিচা বুলি কৈ; এনে হ’লে দম্ভালি মৰা ৰাণা গোস্বামীয়ে তেওঁৰ নামত থকা পৈতৃক সম্পত্তিৰ ৫কঠা মাটি দিম বুলি বাজী মাৰিছিল। এয়া যে বিশ্বাসঘাতক নেতাৰ দম্ভালিমৰাৰ কথাৰ বাবে আন একো নাছিল সেয়া প্ৰমাণ হৈ গৈছে।

কংগ্ৰেছত দেহ থৈ বিজেপিত আত্মা থোৱা এইসকল নেতাক লৈ ভূপেন বৰাই কি ৰণনীতি প্ৰস্তুত কৰিব তাক আৰু বুজিবলৈ বাকী নাই। সমগ্ৰ দেশতে এতিয়া বিৰোধী বিধায়কৰ বিশ্বাসঘাতকতাৰ কাহিনী জলজল-পটপট হৈ পৰিছে।

ৰাজ্যসভাত খালী হোৱা ৫৬খন আসনৰ ১৫খনতে ক্ৰছ ভোটিং হ’ল। শেহতীয়াকৈ অনুষ্ঠিত এই নিৰ্বাচনত কংগ্ৰেছ, সমাজবাদী পাৰ্টিৰ বিধায়কে বিজেপি প্ৰাৰ্থীক জিকাবলৈহে ভোট দিলে উত্তৰ প্ৰদেশত।

হিমাচলত ৬জন কংগ্ৰেছী বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিয়াত আনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছ চৰকাৰ। এতিয়া কোনে ক’ত,কি সমীকৰণ মিলাই আছে কোনোও নাজানে।

ৰাজনৈতিক এই অস্থিৰতা সম্ভৱতঃ আজিৰ দৰে কেতিয়াও দেশত সৃষ্টি হোৱা নাছিল ! বিভিন্ন কাৰকে এই অস্থিৰতাৰ সৃষ্টি কৰিলেও ইয়াক প্ৰতিহত কৰিব পৰাকৈ বিৰোধী দলবোৰ ইমানেই দুৰ্বল হৈ পৰিছে যে, গণতন্ত্ৰৰ প্ৰমূল্যবোধৰ চৰম অৱক্ষয় ঘটিছে।

অসমত কংগ্ৰেছৰ অৱস্থা কাহিল হৈ পৰিছে যদিও দলটোৰ নেতৃত্ব তথা নেতাৰ এইবোৰলৈ কাণসাৰ নাই। দলটোৰ বিধায়কে মুকলিকৈ বিজেপিক সমৰ্থন কৰি কংগ্ৰেছী বিধায়ক হৈ আছে।

অথচ, কংগ্ৰেছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থাও গ্ৰহণ কৰিব পৰা অৱস্থাত যেন নাই। কংগ্ৰেছ গেলিছে মূৰৰ পৰা। এই সংকটৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব কিন্তু ব্যস্ত পাৰ্টি কৰাত।

কেইবাজনো বিধায়কক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সৈতে দেখিবলৈ পোৱা গৈছিল কিছুদিনৰ পূৰ্বে “দা জি টেক লাউঞ্জ”ত। এই বিলাসী লাউঞ্জত বহি হাজাৰটকীয়া চাহৰ সোৱাদ লৈ তেওঁলোকে কোৱালিটী টাইম কটালে।

এনে দৃশ্য ৰাজহুৱা কৰি কংগ্ৰেছৰ সভাপতি বৰা প্ৰমুখ্যে কংগ্ৰেছৰ আন নেতৃত্বই সাধাৰণ লোকক এই কথা দেখুৱালে যে,তেওঁলোক এতিয়াও বিলাসতে ব্যস্ত। কেৱল এয়াই নে, একেদিনাই ৰাতিলৈ বিলাসী ৰিজ’ৰ্ট গ্ৰীণউডত তেওঁলোকে নৈশ আহাৰো গ্ৰহণ কৰি পাৰ্টি কৰিলে।

এই পাৰ্টিত ৰকিবুল হুছেইনৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ, দেৱব্ৰত শইকীয়া আদিকে ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো অংশ ল’লে।অগপলৈ যাব বুলি চৰ্চিত এজন কংগ্ৰেছী বিধায়কো সেই পাৰ্টিৰ অংশীদাৰ হ’ল।

পাৰ্টিৰ মাজতে ফটোচেছনো চলিল। কান্ধত ধৰি সৰু ল’ৰাৰ দৰে ফটো তুলিলে। নেতাসকলৰ সৈতে সেই পাৰ্টিত তোলা বিভিন্ন ক্ষণৰ ফটো দলটোৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে সামাজিক মাধ্যমতো দিলে।

সেই ফটো দেখি বিৰোধীয়ে আৰু এক সুযোগ পাই তাৰো সুব্যৱহাৰ কৰিলে। মুখ্যমন্ত্ৰীয়ে গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই বাইক ৰেলী কৰি ফুৰা সময়ত বিৰোধী কংগ্ৰেছে কি কৰি আছে তাক উদঙাই দিলে।

সেই ৰাজনৈতিক পৰিপক্কতাৰ অভাৱ এতিয়া অসমৰ কংগ্ৰেছত। মুখচুপতি মাৰিবলৈও কংগ্ৰেছত যুক্তিপূৰ্ণ কথাৰে মানুহক ভবাই তুলিব পৰা পৰিৱেশো কংগ্ৰেছে গঢ়িব নোৱাৰিলে।

বিমানবন্দৰত বহি দলীয় নেতাৰে এখন ফটো দি লোকসভা নিৰ্বাচনৰ আলোচনা বুলি ভূপেন বৰাই ফেচবুকৰ লাইক,কমেণ্টৰ লক্ষ্যতে এই ৰণকৌশল সীমাবদ্ধ কৰি পেলাইছে। এক শক্তিশালী বিৰোধীৰ প্ৰয়োজনীয়তা অসমৰ বহু ৰাইজে অনুভৱ কৰে যদিও কংগ্ৰেছৰ ল’ৰামতিয়া স্বভাৱবোৰে বুজাই দিছে- তেওঁলোকৰ পৰা কোনো ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি লাভ নাই।

পৰিস্থিতি আৰু প্ৰয়োজনত তেওঁলোক নিজেই দল সলাই ৰাজনৈতিক পৰিচয় পৰিৱৰ্তন কৰিব। এতিয়া যেন এনেদৰে সাজু থকা তেওঁলোক একোজন ৰাজনৈতিক গাদ্দাৰ। এগৰাকী ৰাজ্যৰ দায়িত্বশীল মন্ত্ৰীয়ে 'এক্স' হেণ্ডেলত অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙৰ টুইট শ্বেয়াৰ কৰি মুকলিকৈ লিখিছে যে,Dear Jitendra Singh Ji, except Rakibul Hussain, Rekibuddin Ahmed, Zakir Hussain Sikdar and Nurul Huda, all other leaders / MLA’s are in touch with us. It is just a matter of time, except the names listed above, rest will join other parties.

এইধৰণৰ কথা মুকলিকৈ এজন মন্ত্ৰীয়ে কৈ দিয়াৰ পাচত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই সেই কথা অস্বীকাৰ কৰা নাই। যিকেইজন নেতাৰ কথা মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰিছে,তেওঁলোকেও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

বৰঞ্চ নাম উল্লেখ থকা এজন কংগ্ৰেছৰ বিধায়কে যেন অতি কৌশলেৰে কংগ্ৰেছক আক্ৰমণ কৰিব পৰাকৈ বিজেপিৰ বাবে সামাজিক মাধ্যমত শেহতীয়াকৈ এক প্ৰেক্ষাপটহে ৰচনা কৰি দিলে।

সংকটত দল ! গ্ৰীণউডত বৰা-গগৈ ফূৰ্তিত মচগুল
৭০ হাজাৰত কাঞ্চনজুৰিত এৰাতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in