মহামায়া শ্ৰী শ্ৰী কাকগোসানী থানত দুৰ্গোৎসৱৰ আয়োজন

মহামায়া শ্ৰী শ্ৰী কাকগোসানী থানত দুৰ্গোৎসৱৰ আয়োজন

author-image
Asomiya Pratidin
New Update
মহামায়া শ্ৰী শ্ৰী কাকগোসানী থানত দুৰ্গোৎসৱৰ আয়োজন

ডিজিটেল সংবাদ, কাজিৰঙাঃ ঋতু পৰিৱৰ্তনৰ লগে লগে বৰ্ষাক বিদায় দি ধৰাৰ বুকুলৈ নামি আহিছে শৰৎৰ বতৰা ৷ শৰৎ মানেই শাৰদীয় উৎসৱৰ বতৰ। দুৰ্গোৎসৱক লৈ কাজিৰঙাৰ আহোম ৰজা গদাধৰ সিংহ স্মৃতি বিজড়িত মহামায়া শ্ৰী শ্ৰী কাকগোসানী দুৰ্গা থানত এতিয়া বিৰামহীন ব্যস্ততা।

Advertisment

গদাধৰ সিংহ স্মৃতি বিজড়িত মহামায়া থানখনত ৩০০ বছৰৰ পূৰ্বৰে পৰা দুৰ্গা পূজাত মহ, ছাগলী, হাঁহ, পাৰৰ বলি বিধান ধাৰ্মিক প্ৰক্ৰিয়াৰে দেৱীৰ চৰণত উৎসৰ্গা কৰি আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তসকলে৷ ৪দিনীয়া কাৰ্য্যসুচীত হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ সাজু হৈছে থান পৰিচালনা সমিতি৷

সপ্তমী পূজাৰ পৰাই বলি বিধান প্ৰক্ৰিয়াৰে সম্পন্ন হব পূজা-অৰ্চনা ৷ উল্লেখ্য যে, জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে অসমৰ লগতে কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকেও অংশ লয় এই পূজাত ৷ ইয়াৰোপৰি প্ৰতি বছৰৰ দৰে এই বছৰো থাকিব প্লাষ্টিক বৰ্জন পূজাৰ আহ্বান৷

আনহাতে চলিত বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বলিৰ সংখ্যাই ৷ বৰ্তমানলৈকে ১০টা ম’হ,৫০০ৰো অধিক ছাগলী পঞ্জিয়ন হৈছে বুলি মত প্ৰকাশ থান পৰিচালনা সমিতিৰ ৷

Also Read: কাজিৰঙাত অঘটন

মহামায়া শ্ৰী শ্ৰী কাকগোসানী থান