/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5027d87a-975f-4a86-a3d7-1f7a2b10b5e9/468.jpg)
ডিজিটেল সংবাদ,বোকাখাত : বোকাখাত বিধানসভা সমষ্টিৰ গ্ৰাম্য উন্নয়ণৰ ছবিখনে বাৰুকৈয়ে হতাশ কৰিব প্ৰত্যক্ষদৰ্শীক ! কৃষি মন্ত্ৰী অতুল বৰাই নিজ সমষ্টি বোকাখাতৰ গ্ৰাম্য উন্নয়ণৰ বৰঢোলটো যিমানেই নবজাওক কিয় গ্ৰামাঞ্চলসমূহত প্ৰবেশ কৰিলে স্পষ্ট হয় ইয়াৰ পুতৌজনক ছবিহে।- এই অভিযোগ একাংশ ৰাইজৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/48939cd3-4bd4-4e0a-91ee-23b71ce90c28/685b9024-751c-400f-8606-d0f0b1f673b3.jpg)
বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাবাহী পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ অন্তৰ্গত আদৰ্শ গাঁও আৰু অঞ্চলটোৰ প্ৰধান ব্যৱসায়ীক কেন্দ্ৰ চিনাকান চাৰিআলি সংযোগী এই বিধ্বস্ত পথটোৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে গাঁওবাসীয়ে একাধিকবাৰ দাবী জনাই আহিছে যদিও কাণসাৰ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। ফলত বাৰিষাৰ দিনবোৰত দীৰ্ঘদিনৰ পৰা যমৰ যাতনা ভুগী আহিছে গাঁৱবাসীয়ে।
এক বিস্তীৰ্ণ কৃষিপথাৰ সংযোগ কৰা এই পথটোৰ এনে বিধ্বস্ত অবস্থাৰ বাবে প্ৰত্যেক বছৰেই ভীষণ অসুবিধাত পৰি আহিছে স্থানীয় কৃষকসকল। লগতে এটা সূচল যাতায়তৰ অভাবৰ বাবেই স্থানীয় কৃষকসকল বাহিৰৰ ব্যৱসায়ীৰ লগত সংযোগ স্থাপনত ব্যৰ্থ হৈ অহাৰ বাবেও প্ৰত্যক্ষভাৱে ক্ষতি কৰিছে গ্ৰাম্য অৰ্থনীতিক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/660303e7-cd01-4e4b-9b02-c24c4b5c1175/8b080b04-7c37-4ef3-b0bb-abecd2d972da.jpg)
"মন্ত্ৰী অতুল বৰাই কৃষি আৰু কৃষকৰ উন্নতিত বৈপ্লবীক পৰিবৰ্তন আনিছে বুলি ফেচবুকত ৰঙীন ফটো দিয়ে ইফালে আমি এটা সূচল যাতায়তৰ অসুবিধাৰ বাবেই সময়মতে বজাৰলে কষ্টৰে উৎপাদিত সামগ্ৰী কেইপদ নিব নোৱাৰো" বুলি ক্ষোভ প্ৰকাশ কৰে এজন স্থানীয় কৃষকে। এটা অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়লৈ যাতায়াত কৰা শিশু আৰু ছাত্ৰ ছাত্ৰীসকলেও দৈনিক ভুগীব লগীয়া হৈছে সীমাহীন যাতনা।
"পথটোত ঠায়ে ঠায়ে দ গাঁত আৰু বোকা হোৱাৰ বাবেই বেছিভাগ অভিভাৱকে কেন্দ্ৰলৈ শিশুসকলক আনিবলৈ সংকোচ কৰে ফলত পথটোৰ বাবেই গাঁৱখনৰ শিশুসকলো বঞ্চিত হৈছে শিক্ষাৰ পৰা"- গাঁওখনত অৱস্থিত একমাত্ৰ অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী এগৰাকীয়ে এনেদৰে ক্ষোভ ব্যক্ত কৰে।
উল্লেখযোগ্য যে পথটো মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে গাঁওবাসীয়ে একাধিকবাৰ কুৰুৱাবাহী গাঁও পঞ্চায়তত আবেদন কৰিছে যদিও এই ক্ষেত্ৰত পঞ্চায়ত কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে।
Also Read: তেজপুৰৰ কলাগুৰু সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন