গোলাঘাটত উন্মাদ লোকলৈ আৰক্ষীৰ গুলীচালনা...

agrani khabar
agrani khabar

ডিজিটেল সংবাদ, গোলাঘাটঃ মঙলবাৰে গোলাঘাটৰ কুমাৰপট্টীত এজন উদ্মাদ লোকলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত লোকজন গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে দুটা সন্তানৰ পিতৃ ৰাজা শ্যাম ওৰফে বাবা নামৰ এই লোকজনে প্ৰায়ে উদ্মাদ হৈ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

আজিও হঠাৎ তেওঁ উন্মাদ হৈ হাতত এখন কুঠাৰ লৈ যাকে তাকে মাৰিবলৈ খেদি যোৱাৰ লগতে মাধুহৰ ঘৰ দুৱাৰো ভাঙিবলৈ উদ্যত হয়। ফলত অঞ্চলটোত এক সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াৰ মাজতে বাবাই ওচৰৰ সঞ্জীৱ বৰাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰি তেওঁক ৰডেৰে মূৰত আঘাত কৰাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

স্থানীয় লোকে খবৰ দিয়াত ঘটনাস্থলীত ২জন আৰক্ষীৰ উপস্থিত হৈ ব্যক্তিজনক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও ৰাজা শ্যাম উন্মাদ হৈ আৰক্ষীলৈও চোচা লৈ এজন আৰক্ষীক আক্ৰমণ কৰে। উপায়ন্তৰ হৈ আৰক্ষীয়ে ৰাজা শ্যাম লৈ গুলীচালনা কৰে।

আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক গোলাঘাট কুশল কো‍ঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন কুঠাৰ আৰু এডাল ৰড জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। অন্যহাতে বাবাৰ মাতৃয়ে বাবা এজন মানসিক বিকাৰগ্ৰস্ত লোক বুলি উল্লেখ কৰি আৰক্ষীয়ে অপ্ৰৰোচিতভাৱে বাবাক গুলীয়াই আহত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

agrani khabar
কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in