পুনৰ ৰাজ্যত আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ অপৰাধী...
পুনৰ ৰাজ্যত আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ অপৰাধী...

পুনৰ ৰাজ্যত আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ অপৰাধী...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰা এটা অপৰাধী আৰক্ষীৰ গুলীত নিহত হৈছে। এইবাৰৰ স্থান গোলাঘাট জিলাৰ দেৰগাওঁ।

আৰক্ষীয়ে সূত্ৰ অনুসৰি দেওঁবাৰে দেৰগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লাগান চাহানী নামৰ দুধৰ্ষ অপৰাধীটোক। বহু অপৰাধৰ সৈতে জড়িত লাগান চাহানীক লৈ নিশা অভিযান চলাইছিল আৰক্ষীয়ে। লাগানৰ পৰা জব্দ কৰা হৈছে এটা পিষ্টলো।

সেই সময়তে সুযোগ বুজি আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে লাগানক ৰাখিবলৈ গুলী চলাবলৈ বাধ্য হয়।

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা লাগানক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেৰগাওঁ চহৰত চাঞ্চল্য সৃষ্টি কৰিছে।

পুনৰ ৰাজ্যত আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ অপৰাধী...
পদে-পদে মানৱ অধিকাৰ উলংঘন হোৱাৰ অভিযোগ ড° দিব্যজ্যোতি শইকীয়াৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in