পদে-পদে মানৱ অধিকাৰ উলংঘন হোৱাৰ অভিযোগ ড° দিব্যজ্যোতি শইকীয়াৰ

পদে-পদে মানৱ অধিকাৰ উলংঘন হোৱাৰ অভিযোগ ড° দিব্যজ্যোতি শইকীয়াৰ

ডিজিটেল সংবাদ,হাওৰাঘাট : ১৯৪৮ চনৰ ১০ডিচেম্বৰত ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক মানৱ অধিকাৰ চনদ ঘোষণা কৰাৰ দিন হিচাপে প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটো আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। অৱশ্যে ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ছেপ্টেম্বৰত মানৱ অধিকাৰক স্বীকৃতি প্ৰদান কৰি ১৯৯৩চনৰ ১২অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে।

আজি এই আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ দিনটোতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াই কয়- আমাৰ ভাৰতবৰ্ষ তথা গৃহৰাজ্য অসমত দিনক দিনে বিভিন্ন ক্ষেত্ৰত ব্যাপক হাৰত মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনা বৃদ্ধি হৈ আহিছে। বিশেষকৈ আৰক্ষীৰ দ্বাৰা বিভিন্ন প্ৰকাৰে মানৱ অধিকাৰ উলঙ্ঘন হৈ আহিছে।

ইয়াৰ ভিতৰত ভুৱা এনকাউণ্টাৰ, বাক স্বাধীনতা ৰুদ্ধ কৰিবৰ বাবে নিৰীহ লোকক গ্ৰেপ্তাৰ, আৰক্ষীয়ে কৰা নিৰ্যাতনৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাকে আদি কৰি বিভিন্ন প্ৰকাৰৰ আৰক্ষীৰ দ্বাৰা মানৱ অধিকাৰ উলঙ্ঘন কৰাৰ উপৰি দেশৰ একাংশ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে মানৱ অধিকাৰ খৰ্ব কৰি আহিছে।

স্বাস্থ্য বিভাগে জৰুৰীকালীন স্বাস্থ্য সেৱা সুচাৰুভাৱে পালনত ব্যৰ্থ হৈ মানৱ অধিকাৰ উলঙ্ঘন কৰি আহিছে। বৰ্তমান সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ চৰকাৰী চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত সৰ্প দংশনৰ চিকিৎসা, হৃদ ৰোগৰ চিকিৎসা আৰু জিলা পৰ্যায়ৰ অসামৰিক চিকিৎসালয় সমূহত জ্বলাতংক ৰোগৰ ভেকচিন বিনামূলীয়াকৈ উপলব্ধ হোৱা উচিত যদিও উপলব্ধ নহয়।

ইয়াৰ উপৰি অন্ধবিশ্বাসৰ নামত একাংশ লোকে বিভিন্ন নিৰীহ লোকক নিৰ্যাতন তথা হত্যা কৰি আহিছে। এই সমস্ত বিষয়ত চৰকাৰী পক্ষই অৱহেলা কৰি ব্যাপক হাৰত মানৱ অধিকাৰ উলঙ্ঘন কৰিছে বুলি ড° দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে। আনহাতে মানৱ অধিকাৰৰ নামত একাংশ ব্যক্তি তথা সংগঠনে সমাজক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্যক বিশিষ্ট মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে সমালোচনা কৰে।

উল্লেখযোগ্য যে অলপতে গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৪৫টা এনকাউণ্টাৰৰ ঘটনাৰ পৰিয়াল আৰু এটা আত্মহত্যাৰ ঘটনাৰ কেচত কেইবা লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া উক্ত ঘটনাসমূহৰ সন্দৰ্ভত ড° দিব্যজ্যোতি শইকীয়াই মাত মাতি অহাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অভিযোগ উত্থাপন কৰিছিল।

পদে-পদে মানৱ অধিকাৰ উলংঘন হোৱাৰ অভিযোগ ড° দিব্যজ্যোতি শইকীয়াৰ
৪৫ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in