"গোলাপী‌ জামু‌ৰ লগ্ন" স্ৰষ্টাক জন্মভূমিত স্মৰণ

জন্মভূমি দেৰগাঁৱত স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ উদ্যোগত "গোলাপী‌ জামু‌ৰ লগ্ন" স্ৰষ্টা নীলমণি ফুকনৰ ৯১ সংখ্যক জন্মদিন উদযাপন...

author-image
Asomiya Pratidin
New Update
"গোলাপী‌ জামু‌ৰ লগ্ন" স্ৰষ্টাক জন্মভূমিত স্মৰণ

ডিজিটেল সংবাদ, গোলাঘাটঃ কাব্যঋষি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰয়াত নীলমণি ফুকনৰ দেওবাৰে ৯১ সংখ্যক ওপজাদিন। সোণাৰু ফুল ভালপোৱা কবিৰ অন্তিম ইচ্ছা আছিল কবিৰ ওপজা ঠাই দেৰগাঁৱক সোণাৰুৰ হালধীয়া ৰূপেৰে নকৈ সজায় তোলা। পৰিয়ালৰ লোকে ইতিমধ্যেই বিভাগীয় অনুমোদন লাভ কৰিলে কবিৰ সপোনক দিঠক কৰিবলৈ।

Advertisment

এই বিশেষ দিনটোত কবিৰ ইচ্ছাক বাস্তৱায়িত কৰিবলৈ দেৰগাঁৱৰ স্থানীয় ৰাইজ, স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনম আৰু কবিগৰাকীৰ পৰিয়ালৰ লোকৰ উদ্যোগত আনুষ্ঠানিকভাৱে সোণাৰু ৰোপণ কাৰ্যসূচী দেৰগাঁৱৰ শান্তিপুৰত শুভাৰম্ভ কৰে। দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰা হ'ব সোণাৰুৰ পুলি।

উল্লেখ্য যে, গছপুলি ৰোপণ কৰে বিশিষ্ট লেখক হৃষীকেশ গোস্বামী, বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়া, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। তাৰ পাছতেই সৃজনমৰ উদ্যোগত "গোলাপী জামুৰ লগ্ন" শীৰ্ষক এক কাব্যানুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে নীলমণি ফুকনৰ পুত্ৰ অমিতাভ ফুকনৰ দ্বাৰা ৰচিত "ব'লা সাজোঁ পখিলাৰ ঘৰ" নামৰ এটি গীত উন্মোচন কৰে বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই।

Also Read: কৃষ্ণনামৰ শ্ৰৱণ-কীৰ্তনেৰে মুখৰিত বৰক্ষেত্ৰীৰ ঘোৰাথাল

নীলমণি ফুকন