কৃষ্ণনামৰ শ্ৰৱণ-কীৰ্তনেৰে মুখৰিত বৰক্ষেত্ৰীৰ ঘোৰাথাল

কৃষ্ণনামৰ শ্ৰৱণ-কীৰ্তনেৰে মুখৰিত নলবাৰী বৰক্ষেত্ৰীৰ ঘোৰাথাল

author-image
Asomiya Pratidin
New Update
কৃষ্ণনামৰ শ্ৰৱণ-কীৰ্তনেৰে মুখৰিত বৰক্ষেত্ৰীৰ ঘোৰাথাল

ডিজিটেল সংবাদ, নলবাৰীঃ পবিত্ৰ ভাদ মাহ উপলক্ষে প্ৰতিটো পুৱা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে বৰক্ষেত্ৰীৰ ঘোৰাথাল৷ নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ঘোৰাথাল গাঁৱৰ ৰাজহুৱা নামঘৰত পহিলা ভাদৰ পৰা চলিছে অবিৰত নাম-প্ৰসংগ আৰু ভাগৱত পাঠ৷

Advertisment

শ্ৰীমন্ত শংকৰদেৱ সংঘ, বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ অন্তৰ্গত ঘোৰাথাল প্ৰাণকৃষ্ণ প্ৰাথমিক শাখাৰ উদ্যোগত গাঁওখনৰ ৰাজহুৱা নামঘৰত চলিছে ৩৯ দিনীয়া নাম-প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠান৷ প্ৰতিদিনাই গাঁওখনৰ আয়তী, ভকত-বৈষ্ণৱৰ আগমন ঘটিছে গাঁওখনৰ ৰাজহুৱা নামঘৰলৈ৷ ভকত-বৈষ্ণৱৰ কৃষ্ণনামৰ শ্ৰৱণ-কীৰ্তনত বৈকুণ্ঠপুৰীত পৰিণত হৈছে ঘোৰাথাল।

'আধ্যাত্মিক পৰিৱেশেহে সমাজ এখন সুস্থ আৰু সবল কৰি ৰাখিব পাৰে' এই বাণীকে সাৰোগত কৰি ঘোৰাথাল গাঁৱত প্ৰতিটো পুৱা আধ্যাত্মিক ভাৱৰ চৰ্চা হয়। ভাগৱত পাঠ আৰু কৃষ্ণ নামত ডুব গৈ থাকে সমগ্ৰ ঘোৰাথাল গাঁও৷

উল্লেখ্য যে, ১৯৯৫ চনৰ পৰা গাঁওখনৰ ৰাজহুৱা নামঘৰত পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা গুৰুজয়ন্তী দিনালৈ অবিৰতভাৱে চলি থাকে নাম-প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠান৷ এইবেলি ৰাজহুৱা নামঘৰত আয়তী, বাপ-বৈষ্ণৱৰ উপস্থিতিত ভাগৱত পাঠ কৰিছে পাঠক বশিষ্ঠ দাসে৷

ভাদ মাহৰ পহিলা দিনটোৰ পৰা প্ৰতিদিনাই পুৱা নামাচাৰ্য তৰুণ চন্দ্ৰ দাসৰ নেতৃত্বত নাম-প্ৰসংগ অনুষ্ঠিত হৈ আহিছে৷ ভাদ মাহৰ প্ৰতিটো পুৱা হৰিনামৰ মাহাত্ম্য আৰু গুণানুকীৰ্তনেৰে ভক্তিৰসত জীপাল হৈ থাকে ঘোৰাথাল গাঁও৷

Also Read: পত্নীসহ অক্ষৰধাম মন্দিৰত সেৱা জনালে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে

nalbari