জালিয়াতিৰে PMYA ৰ ধন সৰকাই ৰঙাঘৰৰ আলহি দুই হিতাধিকাৰী...

জালিয়াতিৰে PMYA ৰ ধন সৰকাই ৰঙাঘৰৰ আলহি দুই হিতাধিকাৰী...

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে PMYA ৰ ধন সৰকাই ৰঙাঘৰৰ আলহি দুই হিতাধিকাৰী...

জালিয়াতিৰে PMYA ৰ ধন সৰকাই ৰঙাঘৰৰ আলহি দুই হিতাধিকাৰী...

ডিজিটেল সংবাদ মেৰাপানী: এইবাৰ মেৰাপানীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱন্টিত ধন জালিয়াতিৰে আত্মসাৎ কৰি জে'ললৈ যাব লগীয়া হৈছে দুজনকৈ হিতাধিকাৰী। মেৰাপানী গাঁও পঞ্চায়ত এলেকাৰ উদয়পুৰ গাঁৱৰ নন্দেশ্বৰ দাস আৰু একে পঞ্চায়তৰে কৃষ্ণাশ্ৰমী গাঁৱৰ ভূপেন দাসে ২০২১/২০২২ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত চৰকাৰী আৱাসগৃহ লাভ কৰিছিল।

Advertisment

কিন্তু দুয়োজন হিতাধিকাৰীয়ে গৃহনিৰ্মাণৰ বাবদ তিলমানো কাম নকৰি জালিয়াতিৰে আঁচনিৰ সম্পূৰ্ণ ধন সৰকাই নিয়ে। বিষয়টো অৱগত হোৱাত মেৰাপানী গাঁও পঞ্চায়তৰ সচিবে মেৰাপানী আৰক্ষী থানাত দুয়োজন হিতাধিকাৰীৰ বিৰূদ্ধে গোচৰ তৰাত এতিয়া জালিয়াতিৰ সম্পূৰ্ণ তথ্য পোহৰলৈ আহিছে।

তথ্য অনুসৰি হিতাধিকাৰী নন্দেশ্বৰ দাস আৰু ভূপেন দাসে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভাগীয় ৱেবচাইটত আৱাসগৃহ নিৰ্মাণ নকৰাকৈ ভূৱাকৈ নিৰ্মাণৰত গৃহৰ ফটো আপলোড কৰি আঁচনিৰ সম্পূৰ্ণ ধন এক লাখ ত্ৰিশ হাজাৰ সৰকাই নিয়ে। ইফালে ৱেবছাইটত ভূৱাকৈ ফটো আপলোড কৰা প্ৰক্ৰিয়াটোত বিভাগীয় কোনো লোক জড়িত থকাৰ সন্দেহো ঘণিভূত হৈছে।

গাঁও পঞ্চায়তৰ গোচৰৰ ভিত্তিত দেওবাৰে মেৰাপানী আৰক্ষীয়ে অভিযুক্ত নন্দেশ্বৰ দাস আৰু ভূপেন দাসক আটক কৰি সোধপোচ কৰাৰ পাছত আজি গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ গমাৰিগুৰি উন্নয়ন খণ্ডৰ অধিনৰ গাঁও পঞ্চায়তসমূহত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত একাংশ হিতাধিকাৰীয়ে ব্যাপক জালিয়াতি কৰাৰ তথ্য আহি পৰিছে।

Also Read: হাওৰাঘাটত যমুনা সন্দিকৈ বৰাৰ মৃত্যুত শোকৰ ছাঁ...

মেৰাপানী