হাওৰাঘাটত যমুনা সন্দিকৈ বৰাৰ মৃত্যুত শোকৰ ছাঁ...

হাওৰাঘাটত যমুনা সন্দিকৈ বৰাৰ মৃত্যুত শোকৰ ছাঁ...

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত যমুনা সন্দিকৈ বৰাৰ মৃত্যুত শোকৰ ছাঁ...

হাওৰাঘাটত যমুনা সন্দিকৈ বৰাৰ মৃত্যুত শোকৰ ছাঁ...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ বিশিষ্ট সমাজকৰ্মী, চলচ্চিত্ৰ প্ৰযোজক তথা ৰাষ্ট্ৰপতি বঁটা প্ৰাপক ৰাজেন বৰাৰ সহধৰ্মিণী যমুনা সন্দিকৈ বৰাৰ দেওবাৰে নিশা ৮ঃ১০ বজাত নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি হয়। যমুনা সন্দিকৈৰ মৃত্যুত হাওৰাঘাট অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Advertisment

হাওৰাঘাটৰ সৰবৰহী মহিলা যমুনা সন্দিকৈ বৰাৰ মৃত্যুত হাওৰাঘাট অঞ্চলকে ধৰি সমগ্ৰ কাৰ্বি আংলং জিলাতে শোকৰ ছাঁ পেলাইছে । তেওঁৰ অকাল মৃত্যুত বহু বিশিষ্ট ব্যক্তি, দল, সংগঠনে শোক প্ৰকাশ কৰিছে।

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱেশ ৰাজবংশী, হাওৰাঘাট শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য বিমল ধৰ, নৰেশ সন্দিকৈ, কমল শইকীয়াই প্ৰয়াত সন্দিকৈৰ আৱাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে। আনহাতে শোক বাৰ্তাৰ যোগেদি সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰত্নেশ্বৰ নাৰ্জাৰী, বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰী, কবি কল্পনা বৰা, মণিকা টেৰণপী, ৰূপালী বসুমতাৰী, মোলান চন্দ্ৰ লস্কৰ, মথুৰা ফংলুচা, মমিত খাখলাৰীকে আদি কৰি বহু বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। প্ৰয়াত যমুনা সন্দিকৈয়ে মৃত্যুৰ সময়ত স্বামী,পুত্ৰ আৰু বহু আত্মীয় স্বজনক এৰি থৈ যায় ।

Also Read: মনিষ চিছোদিয়াৰ পিছত ৰাবড়ী দেৱী ! ৫ ঘণ্টা ধৰি বাসগৃহতে চি বি আইয়ে চলালে জেৰা...

হাওৰাঘাট