কামৰূপৰ বিভিন্ন স্থানত পঞ্চম “ফচল বীমা সপ্তাহ”ৰ সজাগতা সভা

কামৰূপৰ বিভিন্ন স্থানত পঞ্চম “ফচল বীমা সপ্তাহ”ৰ সজাগতা সভা

ডিজিটেল সংবাদ,কামৰূপ : ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যজুৰি আৰম্ভ হোৱা পঞ্চম “ফচল বীমা সপ্তাহ”ৰ লগত সংগতি ৰাখি কামৰূপ জিলা কৃষি বিভাগ আৰু এগ্ৰিকালচাৰ ইন্সিওৰেঞ্চ কোম্পানী লিমিটেডৰ উদ্যোগত ফচল বীমা যোজনাৰ শুভাৰম্ভণী। জিলা কৃষি কাৰ্যালয়ত শনিবাৰে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ শুভাৰম্ভণী কৰা হয়।

জিলা ন'ডেল বিষয়া ৰুমী গোস্বামী, কেইবাজনো কৃষি উন্নয়ন বিষয়া, ইন্সিওৰেঞ্চ কোম্পানীৰ জিলা সমন্বয়ক ৰবিউল হক, অন্যান্য বিষয়-ববীয়াসকলে অংশগ্ৰহণ কৰে। আজি প্ৰথম দিনটোত কামৰূপ জিলাৰ বেজেৰা আৰু ৰাণী কৃষি উন্নয়ন চক্ৰৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ত দুখনকৈ সজাগতা সভা অনুষ্ঠিত হয়।

আনহাতে দেওবাৰে শুৱালকুছি আৰু গৰৈমাৰীত অনুষ্ঠিত হ’ব আন দুখন সভা। একেদৰে, কামৰূপ মেট্ৰ’ জিলা কৃষি বিভাগৰ অন্তৰ্গত আজি সোণাপুৰ কৃষি চক্ৰৰ ডিগাৰু গাওঁ পঞ্চায়তত সজাগতা শিবিৰ অনুষ্ঠিত হয়।

কাইলৈ ক্ষেত্ৰী কৃষি চক্ৰৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ত সভা অনুষ্ঠিত হ’ব। শিবিৰসমূহত যথেষ্ঠ সংখ্যক কৃষকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, এই ৭ দিনত কামৰূপৰ মুঠ ১৪ টা স্থানত আৰু কামৰূপ মেট্ৰ’ৰ মুঠ ৮ খন গাওঁ পঞ্চায়তত সজাগতা শিবিৰৰ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে।

সমূহ কৃষক ৰাইজক প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আঁচনিৰ অধীনস্থ জাননীকৃত শস্যসমূহৰ বীমাকৰণৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আহ্বান জনায় জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জীয়ে ৷

কামৰূপৰ বিভিন্ন স্থানত পঞ্চম “ফচল বীমা সপ্তাহ”ৰ সজাগতা সভা
গহপুৰত সমবায়ে সমবায়ে চি এম ভিজিলেঞ্চৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in