/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d25037eb-20ea-4dae-b231-4bf0a033cbf2/mahuramukh_1.jpg)
মহুৰামুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগা মথাউৰি পৰিদৰ্শন পীযুষ হাজৰীকাৰ...
ডিজিটে সংবাদ বোকাখাটঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাট জিলাৰ নুমলীগড়ৰ সমীপৰ মহুৰামুখ বংকোৱালত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগি যোৱা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয়। আজি পুৱা এই মথাউৰি ছিগি কাষৰীয়া অঞ্চলটো প্লাৱিত কৰি তুলিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/da05dbca-8800-4f6a-be2c-3e6bcd0dedc7/6bb95fd3-ecd9-4977-b4bf-105fdbfb8786.jpg)
চৰকাৰী কাৰ্যসূচীৰে কাৰ্বি আংলং ভ্ৰমণত থকা জলসম্পদ মন্ত্ৰীগৰাকীয়ে মহুৰামুখৰ মথাউৰি ছিগাৰ খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ এই স্থানত উপস্থিত হৈ লাইফবোটৰ সহায়ত মথাউৰিৰ ছিগা অংশৰ সমীপলৈ যায় আৰু জলসম্পদ বিভাগৰ অভিযন্তাক ৩ দিনৰ ভিতৰত নতুন প্ৰযুক্তিৰ সহায়ত জিঅ' টিউবেৰে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰি ছিগা মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। এই অঞ্চলত আৰু যাতে মথাউৰি নিছিগে, পথসমূহ সুৰক্ষিত অৱস্থাত থাকে, তাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/744db2d9-8c9c-454f-8701-0958d527c1a8/e0ab3f8b-54bb-4731-8af3-bc72ccd52ac6.jpg)
আনহাতে, ক্ষতিগ্ৰস্ত এলেকাসমূহত জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে প্ৰয়োজনীয় সাহায্য বিতৰণৰ ব্যৱস্থা কৰা হৈছে। এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়াক পৰ্যাপ্ত সকলো সামগ্ৰী, সুবিধা তৎকালীনভাৱে বানাক্ৰান্ত ৰাইজে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/97162563-cd68-4746-bf70-2c7730e02aa5/5acd72ea-dae5-41a0-816b-73f72fd3cc5a.jpg)
Also Read: ডিমৌ-ঘগৰাৰ বানত বুৰিল ভৈৰৱপুৰৰ গ্ৰামাঞ্চল...