ডিমৌ-ঘগৰাৰ বানত বুৰিল ভৈৰৱপুৰৰ গ্ৰামাঞ্চল...

বাট পথ,কৃষিভূমি আৰু বহু মীন পালন পুখুৰী পানীৰ তলত, ৰাইজৰ কাষত বিশিষ্ট সমাজকৰ্মী নন্দিগিৰী ভূঞা

author-image
Asomiya Pratidin
New Update
ডিমৌ-ঘগৰাৰ বানত বুৰিল ভৈৰৱপুৰৰ গ্ৰামাঞ্চল...

ডিমৌ-ঘগৰাৰ বানত বুৰিল ভৈৰৱপুৰৰ গ্ৰামাঞ্চল...

ডিজিটেল সংবাদ ডিমৌঃ ধাৰাসাৰ বৰষুণৰ ফলত উপচি পৰা ডিমৌ আৰু ঘগৰা নদীৰ যৌথ তাণ্ডৱত জলমগ্ন হৈ পৰিছে ভৈৰৱপুৰৰ বিস্তীৰ্ণ অঞ্চল। বিশাল কৃষি ভূমি, বাট পথ, মীন পালনৰ পুখুৰী সকলো পানীৰ তলত।

Advertisment

ভৈৰবপুৰ, কাকবাৰী, ২ নং ভৈৰুবপুৰ, কদমতলা, মাণিকপুৰ, গৌৰাংগপুৰ, মহাৰাণী, আৰ্শিগড়, দহঘৰ আদি গাঁও প্লাবিত হৈ আছে। ভৈৰৱপুৰৰ পৰা কদমতলা লৈকে প্ৰায় ১ কিলোমিটাৰ পথ পানীৰ তলত।

এবুকু পানীত বিপদ সংকুলভাৱে অহা যোৱা কৰিছে ৰাইজ। বাট পথ, মীনপালন পুখুৰী, পাচলিৰে বাগান আদি সকলো পানীৰ তলত। এই পৰ্যন্ত বানাক্ৰান্ত অঞ্চলটোত খোজ দিবলৈ কোনো বিশেষ ব্যক্তি অহা নাই বুলি ৰাইজৰ ক্ষোভ।

তেনে সময়তে ৰাইজৰ দুদৰ্শা বুজ ল'বলৈ ভৈৰবপুৰত উপস্থিত হ'ল বিশিষ্ট সমাজ সেৱক নন্দিগিৰী ভূঞা। সমাজ কৰ্মী জনে বানপৰিস্থিতিৰ ওপৰত ৰাইজৰ সৈতে মত বিনিময় কৰি চৰকাৰৰ উচৰত ৰাইজৰ সমস্যা সমাধানৰ আহ্বান জনায়। লগতে ব্যক্তিগতভাৱে হলেও তেখেতে ৰাইজক কিছু সকাহ দিয়াৰ চেষ্টা চলাব বুলি কয়।

Also Read: 'অসম বাণী'য়ে অতিক্ৰম কৰিলে ৭০ বছৰীয়া পৰিক্ৰমা...

ডিমৌ বানপানী