
ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতত পাম অইল খেতিৰ বিৰোধিতাৰে আজি জীপাল কৃষক শ্ৰমিক সংঘই এক সংবাদ মেল সম্বোধন কৰাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰে। সংগঠনটোৰ নেতৃত্বই সংবাদমেলখনত অভিযোগ কৰি কয় যে, অন্যান্য দেশত নিষিদ্ধ কৰা সৰ্বনাশী পাম অইলৰ খেতি বোকাখাতৰ নৈপৰীয়া অঞ্চলত কৰাৰ বাবে স্থানীয় কৃষকক কৃষিমন্ত্ৰী অতুল বৰাই প্ৰৰোচিত কৰিছে।
মন্ত্ৰী অতুল বৰাই মহকুমাটোৰ নৈপৰীয়া অঞ্চল নৈ গাঁও, মিছিমিঅাতি, অফলা, এলেংমাৰি আদি অঞ্চলত পাম অইল খেতিৰ বাবে স্থানীয় কৃষকক পতীয়ন নিয়াবলৈ দলীয় কৰ্মীক নিয়োগ কৰাৰ কথা উল্লেখ কৰি সমগ্ৰ অসমৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া সকলো অঞ্চলতে এই খেতি বন্ধ কৰাৰ দাবী জনাইছে সংগঠনটোৱে। ইয়াৰ বিপৰীতে থলুৱা খেতিকহে অগ্ৰাধিকাৰ দিবলৈ দাবী জনাইছে।
সংবাদ মেলখনত সংগঠনটোৰ নেতা সোনেশ্বৰ নৰহে কয়, অসমে আকৌ এক ভয়াৱহ সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে। পাম তেল খেতিৰ যি উদ্যোগ গঢ়ি তোলাৰ বাবে কৰ্প'ৰেটৰ হৈ অসম চৰকাৰ বলিয়ান হৈ অসমৰ উৰ্বৰ ভূমিক ধ্বংসৰ পথলৈ নিবলৈ খুজিছে ইয়াক আমি জীপাল কৃষক শ্ৰমিক সংঘই তীব্ৰ গৰিহণা দিছো। ইয়াৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো।
তেওঁ কয়, মালয়েছিয়া, ইণ্ডোনেছিয়া ব্ৰাজিল, পশ্চিম আফ্ৰিকা আদিত পাম তেলৰ খেতি বন্ধ কৰিছে, নিষিদ্ধ কৰিছে। শ্ৰীলংকাত পাম তেলৰ খেতি নিষিদ্ধ কৰাৰ লগতে আমদানি পৰ্যন্ত নিষিদ্ধ কৰিছে আৰু ভূমিৰ পূৰ্বৰ উৰ্বৰতা ঘূৰাই আনিবৰ পৰা চৰকাৰে কৰ্প'ৰেটক পাম তেলৰ খেতি উঠাই নিবলৈ নিৰ্দেশ দিছে।
চুবুৰীয়া মিজোৰাম আৰু নাগালেণ্ড এই ভয়াৱহতাৰ ভুক্তভোগী হৈ ইয়াৰ সাধাৰণ জনগণে ঐক্যবদ্ধ ভাৱে এই পাম তেল খেতিৰ গুৰি কাটিবলৈ বাধ্য হৈছে আৰু পুনৰ পৰম্পৰাগত খেতিৰ ফালে ধাবিত হৈছে। কেৱল ক'ৰ্পৰেটৰ লাভালাভ আৰু মুনাফাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰামদেৱ, আদানী আৰু গডৰেজ কোম্পানীৰ বহতীয়া হৈ অসম চৰকাৰক হেঁচা প্ৰদান কৰি গোপনে অসমৰ ১৭ খন জিলাত পাম তেলৰ খেতি কৰিবলৈ চুক্তিবদ্ধ কৰিছে। এই পাম তেল খেতিৰ পোনপটিয়াকৈ প্ৰচাৰত উঠিপৰি লাগিছে খুদ বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা; যি মাটি, পানী, বায়ু, কৃষি প্ৰণালীৰ মুৰব্বী প্ৰধান।
য'ত ভূমিৰ উৰ্বৰতাৰ বাবে কাম কৰিব লাগে, নিজৰ থলুৱা কৃষি পদ্ধতিক ব্যৱসায়ীক পৰ্যায়লৈ উন্নীত কৰিবলৈ কাম কৰিব লাগে, জলসিঞ্চনৰ ব্যৱস্থা কৰি ঘৰুৱা খেতিৰ স্বকীয়তা ৰক্ষা কৰিব লাগে; সেই কাম তেওঁ নকৰি বৰং উৰ্বৰতা ধ্বংসকাৰী সৰ্বনাশী পাম তেল খেতি স্থাপন কৰিবৰ বাবে তেওঁ স্তাৱক বাহিনী, দলীয় কৰ্মীক লগাই গাঁৱে গাঁৱে ভোজভাতৰ আয়োজন কৰি, মানুহক প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিছে যে এই খেতি কৰিলে ৪০ বছৰলৈকে তেওঁলোকে বিনা কষ্টৰে কটাব পাৰিব। কিন্তু সেই ৪০ বছৰৰ পাছৰ অসমখনৰ কথা ক'ব পৰাকৈ তেওঁলোকৰ হাতত উত্তৰ নাই।
ইয়াৰোপৰি তেওঁ কয়, পাম খেতি কৰি এবিঘা মাটিত বছৰি ৪০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি। ধান খেতি কৰি কিমান টকা উপাৰ্জন কৰিব পাৰি বুলি তেওঁলোকে প্ৰচাৰ চলাইছে। কিন্তু ধান খেতি সুলভ ভাৱে জলসিঞ্চন প্ৰয়োগ কৰি বছৰত যদি ৩ বাৰকৈ কৰিব পৰা প্ৰণালি অসমত কৃষিমন্ত্ৰীগৰাকীয়ে কৰিব নোৱাৰে তেন্তে তেওঁ পদত্যাগ নকৰে কিয়? কিয় বহিৰাগ কোম্পানীৰ বহতীয়া হৈ তেওঁ নিজৰ জাতীয়তাবাদী চৰিত্ৰ, অসমৰ থলুৱা ভূমি, ভাষা, সাহিত্য, সংস্কৃতি, থলুৱা কৃষি সংস্কৃতিক জলাঞ্জলি দি বহিৰাগত ব্যৱসায়ীৰ বহতীয়া হৈ অসমৰ ভূমি তেওঁলোকৰ হাতত গতাই দিবৰ বাবে অসম চৰকাৰৰ হৈ সেনাপতিৰ দৰে কাম কৰিবলৈ উঠিপৰি লাগিছে?
তেওঁ কয়, ১১৭ গৰাকী বিশেষজ্ঞ, পৰিৱেশবিদে এই খেতি বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আৱেদন কৰিছে। প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ দিছে। এজোপা পাম তেলৰ গছক দিনে ৩০০ লিটাৰকৈ পানী লাগে।
অৰ্থাৎ আমাৰ ভূগৰ্ভৰ জলচক্ৰক নিঃশেষ কৰিবলৈ পাং পাতিছে। ইতিমধ্যে মধ্য ভাৰতত ভূগৰ্ভৰ পানীৰ স্তৰ নাইকিয়া হৈ গৈছে। তাৰ ফলশ্ৰুতিত তেওঁলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলক ডাম্পিং গ্ৰাউণ্ড ৰূপে টাৰ্গেট কৰিবলৈ আৰম্ভ কৰিছে।
এই সংবাদ মেলতেই তেওঁ অভিযোগ কৰি কয় যে, ভাৰতৰ আগশাৰীৰ প্ৰকৃতি প্ৰেমী সংগঠন ডব্লিউ ডব্লিউ এফৰ সৈতে সংযুক্ত অসমৰ নেছাৰ্চ বেকন, আৰণ্যক আদি প্ৰকৃতিপ্ৰেমী সংগঠনেও এই সম্পৰ্কত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকক হোম ডিপাৰ্টমেণ্টে ফানদিং নিদিয়াৰ ভাবুকি দিয়াৰ বাবেই মৌনতা অৱলম্বন কৰিছে নেকি বুলিও সন্দেহ হয় বুলি মন্তব্য কৰে।
মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ আঁৰতো ৰাজনৈতিক বিশেষজ্ঞই এই পাম খেতিৰ সংযোগ বিচাৰি পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ ফলত সেই ভূমি বাজেয়াপ্ত কৰি চৰকাৰে আদানীক পাম তেলৰ খেতি কৰিবলৈ গটাই দিয়াৰ পৰিকল্পনা কৰিছে বুলি ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে। গতিকে তেওঁ আগন্তুক সময়ত পুনৰ মণিপুৰৰ দৰে ভাতৃঘাটি সংঘৰ্ষ সৃষ্টিৰো আশংকা কৰিছে।