মাজবাটত ১৫ লাখ টকাৰ অবৈধ সুৰা জব্দ

মাজবাটত ১৫ লাখ টকাৰ অবৈধ সুৰা জব্দ

author-image
Asomiya Pratidin
New Update
মাজবাটত ১৫ লাখ টকাৰ অবৈধ সুৰা জব্দ

ডিজিটেল সংবাদ,ওৰাংঃ ওদালগুৰি জিলাৰ লালপানী আৰক্ষী চকীৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ চিকাৰীডাঙাত আৰক্ষীয়ে অৰুণাচলী বিলাতী সুৰা জব্দ কৰে।

Advertisment

অৰুণাচল প্ৰদেশৰ টেংগা ভেলিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ওৰাং মাজবাট ৰূপা পথত নিয়মীয়া তালাচী অভিযানত AS -01-EC-6245 নম্বৰৰ টাটা 709 ট্ৰাকৰ পৰা ৩৭৪ কাৰ্টুন অবৈধ বিলাটি সুৰা জব্দ কৰে।

ঘটনা সংক্ৰান্তত গাড়ীখনৰ চালক কামৰূপৰ সৰপাৰাৰ মফিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ জব্দ কৃত সুৰাখিনিৰ আনুমানিক বজাৰ মূল্য ১৫লাখ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

Also Read: আপোনাৰ হাতলৈ আহিব ধনেই ধন! কৰক এইকেইটা সহজ কাম...

Orang news illegal wine Sized wine seized