দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জৈৱিক সাৰ উৎপাদন

অৰ্থনীতি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে মেটেকা, কলগছ আদিৰ পৰা উৎপাদন কৰিছে জৈৱিক কেঁচুসাৰ
দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জৈৱিক সাৰ উৎপাদন

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালযৰ অৰ্থনীতি বিভাগৰ উল্লেখনীয় পদক্ষেপ। ছাত্ৰ-ছাত্ৰীক কেৱল পুঠিগত শিক্ষাই নহয়, মানৱ সম্পদৰূপে গঢ় দিবলৈ পুথিগত শিক্ষাৰ বাদেও যে নানান ব্যৱহাৰিক শিক্ষাৰো আৱশ্যক আৰু এনে শিক্ষাৰে অৰ্থনৈতিকভাবে স্বাৱলম্বী হোৱাৰ বাট প্ৰশস্ত কৰিব পাৰি তাৰে এক নজিৰ দাঙি ধৰিছে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালযৰ অৰ্থনীতি বিভাগে ।

মহাবিদ্যালয়খনৰ অধ্যাপকসকলে মহাবিদ্যালয়ৰ চৌহদতে কেচুসাৰ উৎপাদন কৰি জৈৱ বৈচিত্ৰৰ প্ৰতি অহা প্ৰচণ্ড ভাবুকিৰ লগত কিদৰে যুঁজ দিব পাৰি তাৰ আভাস শিক্ষাৰ্থীসকলক দিবলৈ যত্ন কৰিছে । জানিবলৈ দিয়া মতে কেচুসাৰ বিক্ৰী কৰি মহাবিদ্যালয়খনে ৰাজহ সংগ্ৰহৰো পৰিকল্পনা কৰিছে।

অধ্যাপক দেৱজিৎ ফুকনৰ তত্বাৱধানত মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে মেটেকা, কলগছ আদিৰ পৰা উৎপাদন কৰিছে জৈৱিক কেঁচুসাৰ । গোলাঘাট জিলা কৃষি বিভাগৰ সহযোগত মহাবিদ্যালয়খনৰ চৌহদতে বৰ্তমান কেছুসাৰ উৎপাদন প্ৰক্ৰিয়া অব্যাহত আছে।

বাস্তবৰ লগত সম্পৰ্ক ৰক্ষা কৰি প্ৰথমে ব্যৱহাৰিক আৰু Marketing প্ৰশিক্ষণ লৈ কেচুসাৰ উৎপাদনৰ লক্ষ্য সম্পূৰ্ণ কৰিছে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে। এই জৈৱিক সাৰক “দেৱৰাজী Soil Food”নামেৰে নামাকৰণ কৰা হৈছে আৰু প্ৰতি ১০ কেজি ওজনৰ একোটা পেকেটত ৩০০ টকা বজাৰ মূল্য নিৰ্ধাৰণ কৰি বজাৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে।

দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জৈৱিক সাৰ উৎপাদন
গুৱাহাটীত আপৰ যোগদান কাৰ্যসূচীঃ কংগ্ৰেছ, বিজেপি এৰিলে অৰ্ধশতাধিকতকৈ অধিকে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in