ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰত বৰসবাহ মহোৎসৱৰ আয়োজন

দেউৰী পৰিষদৰ তত্বাৱধানত ২দিন ২নিশাত প্ৰায় ১লাখ ২০ হাজাৰ পকামিঠৈ প্ৰস্তুত কৰিব
ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰত বৰসবাহ মহোৎসৱৰ আয়োজন

ডিজিটেল সংবাদ,গোলাঘাট : অসমৰ অন্যতম ধৰ্মীয় পীঠস্থান গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰ। চিনাতলী গাঁৱৰ বৰনামঘৰটিত অহা ২ জুনৰ পৰা ৫ জুনলৈ ৪দিনীয়াকৈ আয়োজন কৰা হৈছে বাৰ্ষিক বৰসবাহ মহোৎসৱ।

এই মহোৎসৱক লৈ এতিয়া সমগ্র চিনাতলী আৰু ইয়াৰ পাৰ্শ্বৱতী অঞ্চলসমূহত এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে। গাঁৱখনৰ প্ৰতিগৰাকী পুৰুষ মহিলাৰ মাজত এতিয়া সীমাহীন ব্যস্ততা।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, সজাই পৰাই তোলা হৈছে বৰনামঘৰ আৰু নামঘৰৰ চৌহদটি। ৮ সহস্ৰাধিক ভকত- বৈষ্ণৱক আদৰিবলৈ সাজু চিনাতলী বৰনামঘৰৰ অংশীদাৰ ৰাইজ। উল্লেখ্য যে, এই ৪দিনীয়া বিশাল কাৰ্যসূচীৰ মূল কৰ্মভাগ অনুষ্ঠিত হ'ব ৪ জুনত।

মূল কৰ্মভাগিৰ প্ৰসাদৰ বাবে ৭কুইণ্টল বুট-মগু, ২০ হাজাৰ কল, ১ কুইণ্টল আপেলকে আদি কৰি অন্যান্য নৈবদ্যৰ ব্যৱস্থা কৰা হৈছে। একেদৰে বৰসবাহৰ মূল উপকৰণ পকামিঠৈ প্ৰস্তুত কৰা হ'ব ২৬ কুইণ্টল পিঠাগুৰি আৰু ১৮কুইণ্টল গুড়ৰে।

বৰসবাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মৃদুল বৰা আৰু সাধাৰণ সম্পাদক মাধুৰ্য দত্তই জানিবলৈ দিয়ে যে, গাঁৱখনৰ ৬০ টা বংশৰ প্ৰায় ১২০গৰাকী দেউৰী ২ জুনৰ পৰা ব্যস্ত হৈ পৰিব পকামিঠৈ প্ৰস্তুত কৰাত। দেউৰী পৰিষদৰ তত্বাৱধানত ২দিন ২নিশাত প্ৰায় ১লাখ ২০ হাজাৰ পকামিঠৈ প্ৰস্তুত কৰিব।

ইফালে বৰসবাহৰ মূল আকৰ্ষণ দিহানাম। দিহানাম পৰিবেশনৰ বাবে নিমন্ত্ৰণ জনাইছে ঢুলীয়া সম্ৰাট তথা সংস্কৃতিৰ সাধক, ওজা সোমনাথ বৰা, দিহা সম্ৰাট কমলা কান্ত গগৈ, সাংস্কৃতিক কৰ্মী প্ৰজ্ঞান বৰাক।

অন্যহাতে বৰসবাহৰ মূল নামৰ আসনত বহিব তিতাবৰৰ চিপহা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰদীপ মহন্ত। একেদৰে বৰসবাহৰ দিনা মূল পাঠৰ আসনত বহিব জখলাবন্ধাৰ ঐতিহাসিক শ্ৰী শ্ৰী ভঁৰালী নামঘৰৰ পাঠক অচ্যুৎ শইকীয়া।

নামঘৰৰ পদাধিকাৰিয়ে জনোৱা মতে, বৰসবাহ মহোৎসৱৰ অন্যতম কাৰ্য্যসূচী পানীতোলা অধিক আকৰ্ষণীয় কৰি তোলা হ'ব। বিশেষকৈ ৩ জুন শনিবাৰে পানীতোলা কাৰ্যসূচীত সমাহাৰ ঘটিব বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ।

বৃহত্তৰ গাঁৱখনৰ অংশীদাৰ ৰাইজৰ সহযোগিতাত সম্পন্ন হ'ব লগা এই সাংস্কৃতিক অনুষ্ঠান প্ৰতিযোগিতা মূলক হ'ব। ভকতসকলক অপ্যায়নৰ বাবে মহিলা পৰিষদৰ নেতৃত্বত গাঁৱখনৰ মহিলাসকলে প্ৰস্তুত কৰিছে পিঠা পনা।

মহিলাসকলে কেইবা হাজাৰ খোলাত দিয়া পিঠা, তেল পিঠা, চুজীৰ লাৰু আদি প্ৰস্তুত কৰিছে। অন্তিম দিনা নিশালৈ চিনাতলী গাঁৱৰ যুৱকসকলে মঞ্চস্থ কৰিব মহাপুৰুষীয়া নাট "শ্ৰৱণৰ পিতৃ ভক্তি, অন্ধ মুনিৰ অভিসাপ"।

ইতিমধ্যে নাটৰ আখৰা প্ৰায় সমাপ্ত। উল্লেখ্য যে, গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক চিনাতলী বৰনামঘৰ ইতিমধ্যে ২০০ বছৰীয়া বৰ্ণিল ইতিহাসৰ সাক্ষী হৈ ৰৈছে। ৭১৯ ঘৰ অংশীদাৰিত্বৰে পৰিপূৰ্ণ চিনাতলী বৰনামঘৰ পৰিচালিত হয় বৰনামঘৰ সমাজ পৰিষদৰ দ্বাৰা।

ইতিমধ্যে অনাগত দুটা বৰ্ষৰ বাবে বয়োজেষ্ঠ ৰেৱকান্ত শইকীয়াক সভাপতি আৰু সামাজিক কৰ্মী অনন্ত শইকীয়াক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে সমাজ পৰিষদ। গাঁৱখনৰ মূল দিশসমূহ বৰনামঘৰ সমাজ পৰিষদৰ নীতি নিৰ্দেশনা মতেই সম্পন্ন হয়।

ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰত বৰসবাহ মহোৎসৱৰ আয়োজন
বিহালীত গৰুসহ ট্ৰাক জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in