নুমলীগড়ত বিজ্ঞানৰ মডেল প্ৰস্তুতকৰণ আৰু চিত্ৰকলাৰ কৰ্মশালা সম্পন্ন...

নুমলীগড়ত বিজ্ঞানৰ মডেল প্ৰস্তুতকৰণ আৰু চিত্ৰকলাৰ কৰ্মশালা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
নুমলীগড়ত বিজ্ঞানৰ মডেল প্ৰস্তুতকৰণ আৰু চিত্ৰকলাৰ কৰ্মশালা সম্পন্ন...

নুমলীগড়ত বিজ্ঞানৰ মডেল প্ৰস্তুতকৰণ আৰু চিত্ৰকলাৰ কৰ্মশালা সম্পন্ন...

ডিজিটেল সংবাদ নুমলীগড় : নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত "বিজ্ঞান প্ৰকল্প প্ৰস্তুতকৰণ" আৰু চিত্ৰকলাৰ কৰ্মশালাৰ আজি শুভাৰম্ভ কৰা হয়। গ্ৰীষ্মবন্ধৰ মাজতে ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ বিষয় বস্তু আয়ত্ত কৰিবলৈ সহায়ক হোৱাকৈ বিভিন্ন পেলনীয়া সামগ্ৰীৰ পৰা মডেল প্ৰস্তুতকৰণৰ কিছুমান কৌশল দেখুওৱা হ'ব।

Advertisment

বিজ্ঞান কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক অনন্ত বাৰুকিয়াল।তেখেতে ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্যসন্মত আৰু বিজ্ঞানসন্মত উপায়েৰে জীৱনযাপনৰ বিভিন্ন কৌশল বিষয়ে অৱগত কৰে।

চিত্ৰকলা প্ৰশিক্ষণত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি গোবিন দাসে ছাত্ৰ-ছাত্ৰীসকলক চিত্ৰ অংকনৰ বিভিন্ন কৌশলসমূহ অৱগত কৰে। বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক সঞ্জীৱ শৰ্মাই। অনুষ্ঠানৰ আঁত ধৰে শিক্ষয়িত্ৰী মৌচুমী গগৈয়ে।

Also Read: গুৱাহাটীত বিজেপিৰ প্ৰথমখন ক্ষেত্ৰীয় বৈঠকঃ ১২ ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি...

নুমলীগড়