শোধনাগাৰৰ গেচ নিৰ্গত হোৱা ঘটনা সন্দৰ্ভত SDRF ৰ মকড্ৰিল অনুষ্ঠিত

শোধনাগাৰৰ গেচ নিৰ্গত হোৱা ঘটনা সন্দৰ্ভত SDRF ৰ মকড্ৰিল অনুষ্ঠিত
Published on
Updated on

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় শোধনাগাৰ প্ৰজ্বালক সামগ্রী থুপ খাই থকা এটা অতি স্পৰ্শকাতৰ তৈল্য উদ্যোগ। যি কোনো মুহূর্ততে অনাকাংক্ষিত বিপদত পৰিব পাৰে দাঁতিকাষৰীয়া ৰাইজ। পূৰ্বেও ভালে কেইটা সৰু বৰ দুৰ্ঘটনাই স'ততে চিন্তিত কৰি তুলিছিল শোধনাগাৰ কৰ্তৃপক্ষক।

User

সেয়ে শুকুৰবাৰে নুমলীগড় চাওৰাবস্তি এলেকাত অৱস্থিত এবেনজাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সমীপত জিলা প্ৰশাসন আৰু এন ডি আৰ এফ বাহিনীৰ সহযোগত এক মকড্ৰিল অনুষ্ঠিত কৰা হয়। নুমলীগড় শোধনাগাৰৰ গেচ নিৰ্গত হৈ বিদ্যালয়ৰ ছাত্র ছাত্ৰীকে ধৰি দাঁতিকাষৰীয়া ১৫ জন লোক আহত হোৱা সন্দৰ্ভত লব লগা ব্যৱস্থাৰ ওপৰত শোধনাগাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আজি এক সতৰ্কতা মূলক আৰু সজাগতাৰ মকড্ৰিল অনুষ্ঠিত হয়।

User

শোধনাগাৰ কৰ্তৃপক্ষই আজি পুৱা ১১ বজাত অফচাইড ডিজেষ্টাৰ মকড্ৰিল পৰিচালনা কৰে। দুপৰীয়া ১২বজাৰ ভিতৰত অল ক্লিয়াৰ ঘোষণা কৰা হয়। এই সময় চোৱাত দাঁতিকাষৰীয়া ৰাইজৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰি সৰু যান-বাহনৰ চলাচল ক্ষন্তেক সময়ৰ বাবে বন্ধ ৰখা হয়।

User

এই সামগ্রিক পৰিস্থিতিৰ সময়ত আৰক্ষী প্ৰশাসনে উল্লেখযোগ্য ভূমিকা পালন কৰে।ইয়াৰ পিছত শোধনাগাৰ প্ৰশাসনিক সভাগৃহত জিলা প্ৰশাসনৰ উপস্থিতত সংবাদ সেৱী সকলক উদ্দেশ্যি এখন সংবাদ মেলো আয়োজন কৰে।

শোধনাগাৰৰ গেচ নিৰ্গত হোৱা ঘটনা সন্দৰ্ভত SDRF ৰ মকড্ৰিল অনুষ্ঠিত
CBI, Justice Ujjal Bhuyan: ন্যায়াধীশ উজ্জল ভূঞাই ক'লে- 'সঁজাত বন্দী ভাটৌ' নহয় মুক্ত বিহংগ হওঁক CBI

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in