নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

ডিজিটেল সংবাদ নুমলীগড়ঃ গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ১৯৬৩ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিছে।

অঞ্চলটোৰ অন্যতম শিক্ষানুষ্ঠান হিচাপে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই।

ছাত্ৰ ছাত্ৰ-ছাত্ৰীসকলে‌ বিদ্যালয়ৰ গীত পৰিৱেশন কৰে। স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি দেৱব্ৰত বিশ্বাসে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্য চৰ্চাৰ মঞ্চ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিদ্যালয়ৰখনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জয়নাল আবেদিনৰ পত্নী জাহিৰা বেগমে।

বিদ্যালয়খনৰ বিভিন্ন শ্ৰেণীৰ পৰা প্ৰকাশ কৰি ১২ খনকৈ হাতেলিখা আলোচনী‌ উন্মোচন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মামণি কটকী আৰু আলোচনী কেইখনৰ সম্পাদকসকলে। বিদ্যালয়খনৰ উত্তৰণৰ প্ৰতিফলন "দাপোন" উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দুলাল ৰবিদাসে ।

জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই বিদ্যালয়ৰ আৰু হীৰক জয়ন্তীৰ মান্যবস্ত্ৰ উন্মোচন কৰে। বিদ্যালয়খনৰ স্মৃতি ৰোমণ্ঠন কৰে জাহিৰা বেগম, সজ্ঞীৱ কুমাৰ শৰ্মা, নিবেদিতা তাঁতীয়ে।

ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে সমাজকমী সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিয়ে। অসমৰ জনগোষ্ঠীয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে।

শলাগ জ্ঞাপন কৰে মৌচুমী গগৈয়ে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সত্য প্ৰকাশ সোনাৰীয়ে। ছাত্ৰ-ছাত্ৰীৰ এক প্ৰীতি ভোজৰো আয়োজন কৰে। নুমলীগড় চাহ বাগিচাৰ সমাজ কল্যাণ বিষয়া দিলীপ মিশ্ৰয় বিদ্যালয়ৰ পুথিভঁৰাললৈ কিছু গ্ৰন্থ প্ৰদান কৰে।

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...
সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in