এন আৰ এলৰ ভয়ানক অগ্নিকাণ্ডঃ ঘৰ এৰি পলাল স্থানীয় লোক...

এন আৰ এলৰ ভয়ানক অগ্নিকাণ্ডঃ ঘৰ এৰি পলাল স্থানীয় লোক...
এন আৰ এলৰ ভয়ানক অগ্নিকাণ্ডঃ ঘৰ এৰি পলাল স্থানীয় লোক...

ডিজিটেল সংবাদ নুমলীগড় : নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক শ্বাট ডাউন অন্ত হোৱাৰ সময়তে আজি সন্ধ্যা ৭:৩০ বজাত শোধনাগাৰটোৰ হায়ড্ৰ'ক্ৰেকাৰ ইউনিটত ভয়াবহ বিস্ফোৰণ সংঘটিত হোৱাৰ লগতে ইয়াক কেন্দ্ৰ কৰি ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰকল্পটোৰ ৰিয়েক্টৰত উচ্চ চাপৰ পৰিপ্ৰেক্ষিতত বিস্ফোৰণ সংঘটিত হৈ মুহূৰ্ততে প্ৰকল্পটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে।

বৃহৎ শব্দৰে বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত শোধনাগাৰটোৰ অভ্যন্তৰত কৰ্মৰত হাজাৰ হাজাৰ লোকৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। প্ৰকল্পটোত কৰ্মৰত একাংশ শ্ৰমিক কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। প্ৰকল্পটোত কোনো লোকৰ হতাহত হোৱাৰ বাতৰি এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই।

শোধনাগাৰৰ অগ্নি নিৰ্বাপন বিভাগে তাৎক্ষণিক ভাৱে এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এন আৰ এল কৰ্তৃপক্ষই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰকল্পৰ বাকী সকলো ইউনিট তাৎক্ষণিক ভাৱে বন্ধ কৰি দিয়ে। ইপিনে এই অগ্নিকাণ্ডকলৈ আতংকিত ৰাজবাৰীৰ একাংশ লোকে ঘৰ-বাৰী এৰি পলায় যায়।

এতিয়াও শোধনাগাৰৰ লগতে স্থানীয় অঞ্চলত তীব্ৰ আতংকই বিৰাজ কৰিছে। এন আৰ এলৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহা প্ৰবন্ধক ড০ কাজল শইকীয়াই সংবাদ মাধ্যমক সকলো লোক নিৰপদে আছে বুলি অৱগত কৰে ।

এন আৰ এলৰ ভয়ানক অগ্নিকাণ্ডঃ ঘৰ এৰি পলাল স্থানীয় লোক...
আনন্দ মিশ্ৰৰ মুখ বন্ধ ! সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব পাৰিব ASP য়েহে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in