পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী-প্ৰীতি কংকনা

মলয়া গোস্বামীলৈ এই বৰ্ষৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা

author-image
Asomiya Pratidin
New Update
পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী-প্ৰীতি কংকনা

ডিজিটেল সংবাদ,গোলাঘাট : বিগত বৰ্ষসমূহৰ দৰে এইবছৰো গোলাঘাট জিলাৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ সৌজন্যত কানুগাঁও নাট্যমঞ্চত দুদিনীয়াকৈ উদযাপন কৰা হৈছে 'শ্ৰী শ্ৰী কৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলা'। ২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা ৰাসত দুয়োদিনাই কেইবাগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰে।

Advertisment

জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা,অভিনেতা পংকজ মহন্ত আৰু অংকুৰ শইকীয়াৰ লগতে ন পুৰণি বহু শিল্পী,কলা কুশলী আৰু স্থানীয় অভিনেতা- অভিনেত্ৰীয়ে দুয়োটা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইতিমধ্যে ৩৯ বছৰ অতিক্ৰম কৰা এই ৰাস উৎসৱৰ লগত সংগতি ৰাখি প্ৰয়াত চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হয় জ্যেষ্ঠ অভিনেত্ৰী মলয়া গোস্বামীক।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন,অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ৰবীন দত্ত, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ সভাপতি পৰীক্ষিত দত্তৰ লগতে বহু গণ্য মান্য ব্যক্তি। কানুগাঁও নাট্যমঞ্চত এক পৱিত্ৰ অনুষ্ঠানত দেওবাৰে এই বঁটা গ্ৰহণ কৰি যথেষ্ট আৱেগিক অনুভৱ কৰা বুলি বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে কয়।

লগতে নৱ প্ৰজন্মৰ বাবে অনাগত দিনত বিভিন্ন কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।২০১৮ বৰ্ষৰ পৰা প্ৰদান কৰি অহা এই বঁটা ইতিমধ্যে মৃদুলা বৰুৱা,পীতাম্বৰ দেৱ গোস্বামী, মাধুৰীমা চৌধুৰী, অৰুণ হাজৰিকা, অতুল পাচনি ইত্যাদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে। ইফালে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা সন্দৰ্ভত পৰীক্ষিত দত্তই কয়- চিন্ময় ৰঞ্জন দত্ত কেৱল আমাৰ ভাতৃয়ে নহয় বিভিন্ন ক্ষেত্ৰত তেওঁৰ পাৰদৰ্শিতা আছিল। এগৰাকী ভাল খেলুৱৈ আছিল। এই ৰাসখনত বিশেষভাৱে জড়িত আছিল।

এইবাৰ ৰাস চাবলৈ কোৰিয়াৰ এজন পৰ্যটক অহা দেখিবলৈ পোৱা যায়। ইফালে ৰাসৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰি ভিন্ন শিতানত পুৰস্কাৰ প্ৰদান কৰা হয়।

Also Read: নগাঁৱৰ কাৰাগাৰত উপস্থিত মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰূপ গোস্বামী

preety kangkana malaya goswami nishita goswami raakh