নগাঁৱৰ কাৰাগাৰত উপস্থিত মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰূপ গোস্বামী

নগাঁৱৰ কাৰাগাৰত উপস্থিত মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰূপ গোস্বামী

ডিজিটেল সংবাদ,নগাঁও : সোমবাৰে নগাঁৱত উপস্থিত হয় ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰূপ কুমাৰ গোস্বামী ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা মানৱ অধিকাৰ আয়োগ, অসমৰ অধ্যক্ষ অৰূপ গোস্বামী নগাঁৱত উপস্থিত হৈ পৰিদৰ্শন কৰে দুখনকৈ কাৰাগাৰ ৷

অধ্যক্ষ গোস্বামীয়ে প্ৰথমে উপস্থিত হয় নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ৷ কাৰাগাৰৰ অধীক্ষক তাপস ভূঞাই আদৰণি জনাই অধ্যক্ষ গোস্বামীক ৷ কাৰাগাৰ পৰিদৰ্শন কালত নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্য জ্যোতি দাসে সংগ দিয়ে অধ্যক্ষগৰাকীক ৷

অধ্যক্ষ গোস্বামীয়ে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে কাৰাবন্দী সকলৰ লগত মত-বিনিময় কৰে ৷ ইয়াৰ বাহিৰেও কাৰাগাৰৰ কাৰাখানা,বিষয়া কৰ্মচাৰীৰ অভাব-অভিযোগ সন্দৰ্ভতো মত-বিনিময় কৰে ৷

কেন্দ্ৰীয় কাৰাগাৰৰ পিছতে অধ্যক্ষ অৰূপ কুমাৰ গোস্বামী উপস্থিত হয় বিশেষ কাৰাগাৰত ৷ বিশেষ কাৰাগাৰত উপস্থিত হৈ কাৰাবন্দীৰ অভাব-অভিযোগৰ বুজ লয় অধ্যক্ষ গোস্বামীয়ে ৷ বিশেষ কাৰাগাৰত অধ্যক্ষ গোস্বামীক আদৰণি জনাই অধীক্ষক অৰূপ পটঙ্গীয়াই ৷

নগাঁৱৰ কাৰাগাৰত উপস্থিত মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰূপ গোস্বামী
গুৱাহাটীত উপস্থিত ভাৰত, অষ্ট্ৰেলিয়ান ক্ৰিকেট দল দুটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in