গোলাঘাটত অগপৰ নৱনিৰ্মিত জিলা কাৰ্যালয় মুকলিঃ যোগদান কাৰ্যসূচী...

দলৰ সভাপতি অতুল বৰাই কৰে উন্মোচন
গোলাঘাটত অগপৰ নৱনিৰ্মিত জিলা কাৰ্যালয় মুকলিঃ যোগদান কাৰ্যসূচী...
গোলাঘাটত অগপৰ নৱনিৰ্মিত জিলা কাৰ্যালয় মুকলিঃ যোগদান কাৰ্যসূচী...

ডিজিটেল সংবাদ গোলাঘাটঃ ''ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত অসমৰ ৰাইজৰ ইচ্ছা-আকাংক্ষা পূৰণৰ বাবে জন্ম হোৱা দল হৈছে অসম গণ পৰিষদ। অসমত আঞ্চলিকতাবাদ শক্তিশালীকৰণৰ ক্ষেত্ৰত অসম গণ পৰিষদৰ বিকল্প নাই। অসমৰ বুকুত অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম সুৰক্ষিত হোৱা। অসমৰ ৰাইজৰ অকুণ্ঠ মৰমৰ আৰু সহযোগিতাত জন্ম লাভ কৰা অসম গণ পৰিষদ দল জন্মৰে পৰা বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ আহিছে। কিন্তু ৰাইজৰ দ্বাৰা গঠিত অগপ স্ব-মহিমাৰে মহিমামণ্ডিত হৈ আছে। ইয়াক হাজাৰ ধুমুহায়ো বৰ্তমানলৈকে কোনো আঘাত হানিব পৰা নাই। ৰাইজৰ আস্থা আৰু বিশ্বাসক মূলধন হিচাপে অগপ আগবাঢ়ি গৈ আছে আৰু সদায় আগুৱাই গৈ থাকিব।''

আজি গোলাঘাট জিলা অগপৰ নৱনিৰ্মিত জিলা কাৰ্যালয় ভৱন উদ্বোধন আৰু বিশাল যোগদান সমাৰোহ অংশ গ্ৰহণ কৰি এনেদৰে কয় দলটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই।

উল্লেখযোগ্য যে,অসমৰ সংগ্ৰামী জনতাই অশেষ কষ্ট, ত্যাগৰ মাজেৰে গোলাঘাটতেই আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদক ১৯৮৫ চনত জন্ম দিছিল। অগপৰ ওপজা ভূমি গোলাঘাটত নৱনিৰ্মিত অগপৰ গোলাঘাট জিলা সমিতিৰ নতুন কাৰ্যালয় ভৱনটো আজি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু কেন্দ্ৰীয় কেইবাগৰাকীও নেতাৰ উপস্থিতিত শুভ উদ্বোধন কৰি অতুল বৰাই কয় যে,নতুন কাৰ্যালয় ভৱনটোত সতীৰ্থসকলে দলটোৰ হকে ন-উদ্যমেৰে কাম কৰি যোৱাত এতিয়াৰেপৰা এক সুস্থ আৰু উৎসাহজনক পৰিৱেশ পাব। অগপৰ প্ৰতিজন কৰ্মকৰ্তাৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। এই শুভ ক্ষণত দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ ত্যাগ আৰু কষ্টক শ্ৰদ্ধাৰে সুঁৱৰি বৰাই সদৌটিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

অগপৰ গোলাঘাট জিলা সমিতিৰ সভাপতি,দলৰ প্ৰতিষ্ঠা কালৰ অগ্ৰণী নেতা ডঃ নৃপেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক বিশাল ৰাজহুৱা সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাচঁশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অসম ছাত্র পৰিষদত যোগদান কৰাৰ লগতে বহু সংখ্যক পুৰুষ মহিলাই অসম গণ পৰিষদত যোগদান কৰে। বিশেষকৈ জাতীয়তাবাদক শক্তিশালী কৰাৰ লক্ষ্যৰে আজিৰ এই অনুষ্ঠানতে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সদ্য অপসাৰিত সভাপতি গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈৰ নেতৃত্বত ছাত্ৰ সংগঠনৰ কেইবা শতাধিক প্ৰাক্তন নেতা, কৰ্মকৰ্তাই অগপত যোগদান কৰে ।

নবাগত ছাত্ৰ সমাজ আৰু যুৱ আৰু মহিলা সমাজক অসম গণ পৰিষদৰ বৃহৎ পৰিয়ালটোলৈ আদৰণি জনাই দলৰ সভাপতি অতুল বৰাই কয় যে, অগপৰ পুৰণি কৰ্মীসকলৰ অভিজ্ঞতা আৰু নতুনসকলৰ উদ্যমক একত্ৰিত কৰি দলটোক আগবঢ়াই নিব লাগিব । বৰাই লগতে কয় জনসাধাৰণক সেৱা কৰিবলৈ হলে প্ৰত্যেক জন সদস্যৰ সেৱাৰ মানসিকতা থাকিব লাগিব। নতুনকৈ দলৰ ভাতৃ ভগ্নী সংগঠনত যোগ দিয়াসকলে অসম গণ পৰিষদ দলটোক সেৱাৰ মাধ্যম হিচাপে লৈ দলৰ নীতি-আদৰ্শ তথা লক্ষ্যত ব্ৰতী থাকি জনসাধাৰণৰ প্ৰতি নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ অতুল বৰাই লগতে আহ্বান জনাই।

আনহাতেদি,ভাষণ প্ৰসংগত অতুল বৰাই আৰু কয় যে ,বৰ্তমান ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা ৰাজ্য চৰকাৰখনে ৰাজ্যখনত পূৰ্বতে কোনোকালে সম্ভৱ নোহোৱা ৰাজ্যখনৰ স্বাৰ্থজড়িত কেতবোৰ কামকাজ আৰু সৰ্বাঙ্গীন উন্নয়নৰ কাম সম্ভৱ কৰি তুলিছে। আগন্তুক চাৰে চাৰিটা বছৰত ৰাজ্যবাসীয়ে অসমৰ বহু উন্নয়ন প্ৰত্যক্ষ কৰিব বুলি দৃঢ়তাৰে মতপোষন কৰি বৰাই লগতে কয় যে, অসমক দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্যৰ মাজৰ এখন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই যি সপোন দেখিছে তাক বাস্তৱায়িত কৰিবলৈ হলে ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহায় আৰু সহযোগিতাৰ প্ৰয়োজন আছে ।

ইফালেদি সভাত উপস্থিত থাকি দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নবাগতসকলক আদৰণি জনাই কয় যে,অনাগত দিনৰ নিৰ্বাচনবোৰত অগপক একত্ৰিতভাৱে শক্তিশালী ৰূপত অৱতীৰ্ণ কৰোৱাব লাগিব। তাৰ বাবে দলটোৰ সংগঠনৰ প্ৰতিটো স্তৰত কৰ্মকৰ্তাৰ সংখ্যা বৃদ্ধিৰে অধিক শক্তিশালী কৰাত নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক আহ্বান জনাই মহন্তই।

এই অনুষ্ঠানৰ প্ৰাক্-ক্ষণত শ্বহীদ বেদীত পুষ্পাৰ্ঘ্য অৰ্পণেৰে মহান শ্বহীদসকলক শ্ৰদ্ধা জ্ঞাপন কৰে দলীয় সভাপতিক ধৰি অন্যান্য বিষয়ববীয়াসকলে।দলৰ কেন্দ্ৰীয় সম্পাদক মনোৱাৰ হুছেইন আৰু গোলাঘাট জিলা অগপৰ সম্পাদক আচিকূৰ ৰহমানে আতঁ ধৰা এই অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভপতি নুৰুল চুলতান, অপূৰ্ব ভট্টাচাৰ্য, পুতুল বৰুৱা,পবন শইকীয়া সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ, মণিমাধৱ মহন্ত, ধৰ্মেশ্বৰ ৰায়, জিতুমণি মৰান যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা মহিলা পৰিষদৰ সভাপতি পূৰবী তালুকদাৰকে ধৰি বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে।

গোলাঘাটত অগপৰ নৱনিৰ্মিত জিলা কাৰ্যালয় মুকলিঃ যোগদান কাৰ্যসূচী...
কংগ্ৰেছ শূন্য কোকৰাঝাৰ ! জিলা সভাপতি, সম্পাদককে ধৰি ৬০০ ৰো অধিক কৰ্মীৰ BPF ত যোগদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in