কাজিৰঙা পৰ্যটনত নৱতম সংযোজন : প্ৰায় সাজু হৈ উঠিছে ভিণ্টেজ কাৰ

কাজিৰঙা পৰ্যটনত নৱতম সংযোজন : প্ৰায়  সাজু হৈ উঠিছে ভিণ্টেজ কাৰ
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙা পৰ্যটনত নৱতম সংযোজন ৷ আগন্তুক পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ব আকৰ্ষণীয় “ভিণ্টেজ কাৰ ছাফাৰী” ৷

উল্লেখ্য যে জীপ ছাফাৰী, হাতী ছাফাৰী,নাও ছাফাৰী কৰাৰ পাচত এতিয়া পৰ্যটকে লাভ কৰিব এসময়ৰ আভিজাত্যৰ প্ৰতীক,আৱেগস্বৰূপ ভিণ্টেজ কাৰত ছাইডছিন কৰাৰ বিশেষ মাদকতা ৷ গুৱাহাটীৰ অভিযন্তা পিকলু ডেকাৰ একক প্ৰচেষ্টাত কাজিৰঙাত আগন্তুক পৰ্যটন বৰ্ষ ২০২৩-২৪ ত আৰম্ভ হ'ব ভিনটেজ কাৰৰ এই যাত্ৰা ৷

ইতিমধ্যে কাজিৰঙাৰ গেলেকীত যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ কৰা হৈছে ভিণ্টেজ কাৰৰ শ্ব' ৰূম ৷ ইতিমধ্যে সাজু কৰা হৈছে ৮০-১০০ বছৰৰ পুৰণি কেইবাখনো বাহন।

ইয়াৰোপৰি সংগ্ৰহালয়টোত স্থান পাব পুৰণিকলীয়া যানবাহনৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ আগৰ আৰু পাছৰ বহু আপুৰুগীয়া সম্পদে ৷ য’ত যঁতৰ সম্বলিত জাতীয় পতাকা,ঘড়ী,বাতৰি কাকত আদি থাকিব বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে সংগ্ৰহালয়টোলৈ বিভিন্ন ধৰণৰ ৫০ খনৰো অধিক চাৰিচকীয়া বাহন আৰু প্ৰায় ৬০ খন দুচকীয়া বাহন অনা হৈছে ৷

কাজিৰঙালৈ অহা পৰ্যটকৰ সুবিধাৰ্থে মুকলি হ'বলগীয়া এই নতুন সংযোজনৰ সফল ৰূপায়ণৰ বাবে দল-সংগঠন,পৰ্যটন বিভাগ,চৰকাৰ সকলোৰে সহায়-সহযোগিতা আশা কৰিছে স্বত্বাধিকাৰী পিকলু ডেকাই ৷

কাজিৰঙা পৰ্যটনত নৱতম সংযোজন : প্ৰায়  সাজু হৈ উঠিছে ভিণ্টেজ কাৰ
বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : ধূপ-দীপ লৈ প্ৰাৰ্থনা কাজিৰঙাবাসীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in