বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : ধূপ-দীপ লৈ প্ৰাৰ্থনা কাজিৰঙাবাসীৰ

বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : ধূপ-দীপ লৈ প্ৰাৰ্থনা কাজিৰঙাবাসীৰ

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ধূপ-দীপ লৈ পথ নিৰাপত্তাৰ বাবে নেদেখাজনৰ শৰণাপন্ন হ’ল কাজিৰঙাবাসী ৷ বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় পথে জ্বলা-কলা খুৱাইছে কাজিৰঙাবাসীক ৷

বিধ্বস্ত পথৰ বাবে দৈনিক সংঘটিত দুৰ্ঘটনাত শংকিত হৈ পৰিছে কাজিৰঙাবাসী ৷ বহু আবেদন-নিবেদন কৰাৰ পিচতো পথ মেৰামতিৰ ক্ষেত্ৰত চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱত হতভম্ব জনসাধাৰণ ৷

পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ শৰণাপন্ন হ’ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজ ৷একাংশ ৰাইজৰ অভিযোগ যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা পথচোৱা কলিয়াবৰৰ পৰা নুমলীগড় পৰ্যন্ত মেৰামতিৰ অভাৱত কিলাৰ হাইৱেত পৰিণত হৈছে ৷

পথটোত দৈনিক সংঘটিত দুৰ্ঘটনাৰ অধিকাংশৰ কাৰণ পথটোৰ দুৰৱস্থা ৷ পথটো মেৰামতিৰ বাবে দল সংগঠন তথা স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাই অহাৰ পাছতো কাণসাৰ নাই চৰকাৰৰ ৷ ইফালে উজনি নামনি সংযোগী পথটোৰে যাতায়তৰ ক্ষেত্ৰত অতি বিপদজনক হৈ পৰিছে ৷

য’ত জৰুৰী অৱস্থাত এম্বুলেন্সৰ ধীৰ গতিৰ বিকল্প নাই ৷ইয়াৰ পাছতো চৰকাৰৰ অমনোযোগিতাত অতিস্থ ৰাইজে সকলোৰে নিৰাপদ যাতায়তৰ বাবে প্ৰাৰ্থনা জনালে ভগৱানক ৷

বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : ধূপ-দীপ লৈ প্ৰাৰ্থনা কাজিৰঙাবাসীৰ
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ ফোঁপোলা স্বৰূপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in