/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/64661b8a-8936-4d32-8deb-bbabb98323f6/AP_FOR_WEB_handloom.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। এই দিনটোত বিশেষ চৰ্চা লাভ কৰিছে কাজিৰঙাৰ এখন বিশেষ গাঁৱে ৷ গাওঁখনৰ নাম হস্ততাঁত শিল্প পৰ্যটন গাওঁ ৷ য’ত তাঁতশালত ব্যস্ত হৈ পৰিছে গাওঁখনৰ শতাধিক মহিলা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1f660502-c75f-4328-b8fc-9b54a6a3a731/Screenshot__601_.png)
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাওঁখন কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এখন গাওঁ ৷ তাঁতশালত এখন উন্নত আদৰ্শ গাঁৱৰ সপোন ৰচিছে গাঁৱৰ জীয়াৰী-বোৱাৰীসকলে ৷ নিজৰ গাঁওখনক আদৰ্শ গাঁও ৰূপে সজাই তোলাৰ লগতে তাঁতশালৰ মাজতে স্বাৱলম্বনৰ পথ বাচি লোৱাৰ পৰিকল্পনাত ব্যস্ত হৈ পৰিছে মহিলাসকল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/55ca194a-8736-4b8c-8393-76603a779e8e/Screenshot__602_.png)
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত উন্নত মানৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বয়ন শিল্পত মনোনিৱেশ কৰিছে মহিলাসকলে ৷ কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ অসমৰ থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত মহিলাসকলৰ আশা যে- পৰ্যটকৰ মাধ্যমেৰে অসমৰ বয়ন শিল্পক দেশ-বিদেশলৈ প্ৰসাৰ কৰিব পৰা যাব ৷ তদুপৰি তেওঁলোকৰ আশা আমদানিকৃত বস্ত্ৰৰ সলনি থলুৱা বস্ত্ৰই বজাৰ দখল কৰিব পাৰিলে মুকলি হ’ব স্বাৱলম্বনৰ পথ।
Also Read: ধোঁৱা চাঙত গো-সুৰক্ষা আইনঃ বোকাখাত আৰক্ষীক এহাজাৰ দিয়ে পাৰ কৰে গো-ধন