ধোঁৱা চাঙত গো-সুৰক্ষা আইনঃ বোকাখাত আৰক্ষীক এহাজাৰ দিয়ে পাৰ কৰে গো-ধন

ধোঁৱা চাঙত গো-সুৰক্ষা আইনঃ বোকাখাত আৰক্ষীক এহাজাৰ দিয়ে পাৰ কৰে গো-ধন

ডিজিটেল সংবাদ, কাজিৰঙাঃ গো-সুৰক্ষা আইনক ভেঙুচালি কৰি বোকাখাতত আৰক্ষীৰ চকুৰ আগেদিয়েই জিলা অতিক্ৰম কৰি সৰবৰাহ হৈছে গো-ধন ৷ এই ক্ষেত্ৰত উত্থাপন হোৱা অভিযোগ মতে গো-সুৰক্ষা আইনৰ গইনা লৈ একাংশই আৰম্ভ কৰিছে গো-ধনৰ ছিণ্ডিকেট ৷

অভিযোগ অনুসৰি বোকাখাতৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰে গো-ধন কঢ়িয়াই অনা বাহনৰ চালকৰ পৰা চালান কাটি জৰিমনা সংগ্ৰহ কৰে যানবাহন আৰক্ষী। যানবাহন বিষয়াৰ অনুপস্থিতিত কনিষ্টবলে সংগ্ৰহ কৰে এই জৰিমনা ৷ নথিপত্ৰ বা বাহনত থকা গো-ধন পৰীক্ষা নকৰাকৈ কেৱল ১০০০টকাৰ জৰিমনা লৈ যাবলৈ দিয়া হয় বাহনসমূহক।

আনহাতে গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাতৰ বিহৰা বজাৰৰ পৰা নগাঁও জিলাৰ বাগৰিলৈ গো-ধন সৰবৰাহৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে খোদ বাহন আৰোহীয়ে ৷ এই ক্ষেত্ৰত বাহন বিলাকৰ কেটল পাৰ্মিট পৰীক্ষা নকৰাকৈয়ে এৰি দিয়াৰ ক্ষেত্ৰতো উত্থাপন হৈছে প্ৰশ্ন ৷ উল্লেখ্য যে গো-ধন ছিণ্ডিকেটৰ অভিকেন্দ্ৰ হৈ পৰিছে বোকাখাতৰ বিহৰা বজাৰ ৷ ইয়াৰ মাজতেই একাংশ আৰক্ষী চহকী হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ১০০০ টকাৰ জৰিমনা দি অনায়াসে এখন জিলাৰ পৰা আনখন জিলালৈ যাবলৈ দিয়া হয় শ-শ গো-ধন ৷

ইপিনে জিলাৰ সীমাৰ বিপৰীতে বোকাখাতৰ মাজভাগত গো-ধন ভৰ্তি বাহনসমূহৰ পৰা জৰিমনা আদায় কৰা যান-বাহন আৰক্ষীৰ দলটো সাংবাদিকৰ কেমেৰা দেখি সেই স্থান ত্যাগ কৰে ৷ বিধানসভাত গৃহীত হোৱা গো-সুৰক্ষা আইন অনুসৰি বৈধ নথিপত্ৰ অথবা পাৰ্মিট নথকাকৈ এখন জিলাৰ পৰা আনখন জিলালৈ সৰবৰাহ কৰিব নোৱাৰে গো-ধন৷ এনেক্ষেত্ৰত পাৰ্মিট নথকাকৈ দেওবাৰৰ দিনটোত শ-শ বাহনত গোলাঘাট জিলাৰ পৰা নগাঁও জিলালৈ সৰবৰাহ হ’ল গো-ধন ভৰ্তি বাহন ৷ প্ৰশ্ন উত্থাপন হৈছে সকলো দেখি-শুনিও গৰু সৰবৰাহকাৰীৰ ওপৰত আৰক্ষীৰ দৰদ কিয় ?

ধোঁৱা চাঙত গো-সুৰক্ষা আইনঃ বোকাখাত আৰক্ষীক এহাজাৰ দিয়ে পাৰ কৰে গো-ধন
ৰাজ্যসভাত NDAৰ অগ্নিপৰীক্ষাঃ আজি উত্থাপন হ’ব বিতৰ্কিত দিল্লী সেৱা বিধেয়ক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in