যাৰ জীৱনক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰি অস্কাৰ জিনিলে তেওঁলোকেই নাপালে পাৰিশ্ৰমিক !

যাৰ জীৱনক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰি অস্কাৰ জিনিলে তেওঁলোকেই নাপালে পাৰিশ্ৰমিক !
যাৰ জীৱনক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰি অস্কাৰ জিনিলে তেওঁলোকেই নাপালে পাৰিশ্ৰমিক !

ডিজিটেল ডেস্কঃ ভাৰতৰ নাম উজ্জ্বল কৰি চলিত বৰ্ষতে অস্কাৰ বিজয় কৰিছিল ভাৰতীয় তথ্যচিত্ৰ 'দ্য এলিফেণ্ট হুইস্পাৰ্ছ'। গুণিত মোংগা প্ৰযোজিত আৰু কাৰ্তীকি গনছালভেছৰ দ্বাৰা পৰিচালিত এই তথ্যচিত্ৰখনে অস্কাৰ লাভৰ মাত্ৰ ৫ টা মাহৰ পাছতে এতিয়া বিতৰ্কত সোমাই পৰিছে।

বিশ্বমঞ্চত সন্মানিত হোৱা স্বত্বেও এই তথ্যচিত্ৰখন বিতৰ্কৰ মাজত সোমাই পৰাক কেন্দ্ৰ কৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিতৰ্কৰ কাৰণ তথ্যচিত্ৰখনৰ পৰিচালক আৰু প্ৰযোজকৰ বিৰুদ্ধে মাউত দম্পতীয়ে উত্থাপন কৰা অভিযোগ।

মাউত দম্পতী বোমান আৰু বেলিয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে প্ৰযোজকে নায্য পাৰিশ্ৰমিক এতিয়াও আদায় দিয়া নাই। কেৱল এয়াই নহয়, তেওঁলোকে দুই কোটি টকা দাবীৰে তথ্যচিত্ৰখনৰ নিৰ্মাতাৰ বিৰুদ্ধে আইনী জাননীও প্ৰেৰণ কৰিছে।

ইফালে এক বিবৃতি প্ৰকাশ কৰি পৰিচালক কাৰ্তীকিয়ে কয়, তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগেই অসত্য আৰু ভিত্তিহীন। তেওঁ কয়, আমাৰ 'দ্য এলিফেণ্ট হুইস্পাৰছ' তথ্যচিত্ৰখন নিৰ্মাণৰ উদ্দেশ্যই আছিল হস্তী সংৰক্ষণৰ সন্দৰ্ভত সাধাৰণ মানুহক সচেতন কৰি তোলা। বন বিভাগ আৰু বোমান, বেলিৰ দৰে মাউতৰ বিষয়ে জনোৱাটো।

তথ্যচিত্ৰখন মুক্তি পোৱাৰ পাছৰে পৰা বহু মানুহ প্ৰভাৱিত হৈছিল। আনকি তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিনে ৯১ জন মাউতক তেওঁলোকৰ কামৰ বাবে লাখ টকাৰ অনুদান পৰ্যন্ত দিছিল।

কেৱল সেয়াই নহয়, আনামালা টাইগাৰ ৰিজাৰ্ভত তেওঁলোকৰ বাবে পৰিবেশ বান্ধৱ ঘৰ আৰু এলিফেণ্ট কেম্প তৈয়াৰৰো আশ্বাস প্ৰদান কৰিছিল। উল্লেখ্য যে 'দ্যা এলিফেণ্ট হুইস্পাৰ্ছ'ৰ মূল কেন্দ্ৰবিন্দু বোমান আৰু বেলি মুদুমালাই অঞ্চলৰ বাসিন্দা।

হাতীৰ পালন আৰু পোষণ কৰিয়েই তেওঁলোকে দিন পাৰ কৰিছে। দুয়োৱে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় ধনৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই দম্পতীয়ে কয়, অস্কাৰ জয় কৰাৰ ৫ মাহ পাৰ হ'লেও এতিয়াও তেওঁলোকে তেওঁলোকৰ পাৰিশ্ৰমিক লাভ কৰা নাই।

তেওঁলোকে একাধিকবাৰ অনুৰোধ কৰাৰ পাছতো তেওঁলোকক প্ৰাপ্য আদায় দিয়া হোৱা নাই। বোমান আৰু বেলিয়ে জনাইছে, তেওঁলোকক মাটি, গাড়ী আৰু একাকালীন ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কাৰ্তীকিয়ে।

কিন্তু অস্কাৰ জয়ৰ পাছত সেই কথা পাহৰি গ’ল। এইদৰেই অভিযোগ উত্থাপন কৰি দুয়োৱে এতিয়া তথ্যচিত্ৰখনৰ পৰিচালক আৰু প্ৰযোজকলৈ আইনী জাননী জাৰি কৰিছে।

যাৰ জীৱনক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰি অস্কাৰ জিনিলে তেওঁলোকেই নাপালে পাৰিশ্ৰমিক !
ব্যাপক হাৰত বৃদ্ধি এইড্ছ আই ভিত আক্ৰান্তৰ সংখ্যা : শীৰ্ষত কামৰূপ মহানগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in