আজিৰে পৰা নুমলীগড়ত ‘ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বাণিজ্য মেলা’...

আজিৰে পৰা নুমলীগড়ত ‘ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বাণিজ্য মেলা’...
আজিৰে পৰা নুমলীগড়ত ‘ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বাণিজ্য মেলা’...

ডিজিটেল সংবাদ নুমলীগড়ঃ বৌদ্ধিক তথা সাংস্কৃতিক ক্ষেত্ৰখনত নৱপ্ৰজন্মক এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত ‘কাজিৰঙা অধ্যয়ন চক্ৰ’ উদ্যোগত আৰু ‘জিতু শইকীয়া ফাউণ্ডেছন’ৰ সহযোগত আজিৰে পৰা নুমলীগড় শোধনাগাৰৰ কুঞ্জকাননৰ সমীপৱৰ্তী ‘ৰাজ এণ্ড পাহি প্লাজা’ত ১৫ দিনীয়াকৈ ‘ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বাণিজ্য মেলা’ৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে আজিৰে পৰা দুদিনীয়াকৈ প্ৰথমবাৰৰ বাবে আয়োজিত সদৌ অসম ভিত্তিত একক আৰু দলীয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দত্তই উদ্বোধনী ভাষণত কয় যে, কাজিৰঙা অধ্যয়ন চক্ৰই সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইতিবাচক কাম কৰি আহিছে৷ তেওঁলোকৰ এই যাত্ৰা নিশ্চিতভাৱেই সুদূৰ প্ৰসাৰী হ’ব৷

ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই বক্তব্য দাঙি ধৰি কয় যে, বৌদ্ধিক আন্দোলনৰ কচৰৎ অব্যাহত ৰখা কাজিৰঙা অধ্যয়ন চক্ৰই ‘গ্ৰন্থ আৰু বাণিজ্য মেলা’ৰ সমান্তৰালকৈ সাংস্কৃতিক প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা বিষয়টোৱে তেওঁলোকৰ সমাজখনৰ প্ৰতি থকা দায়বদ্ধতাৰ দিশটোক পোহৰাই তুলিছে৷

তদুপৰি তেওঁ কয় যে, মানুহ প্ৰতিটো ক্ষেত্ৰতে সজাগ হোৱাৰ প্ৰয়োজন৷ মানুহে বহু ভাল কাম কৰাৰ পিচতো যদি জানি বা অজানিতে কৰা এটা ভুলৰ বাবেই সমাজৰ আগত তেওঁৰ ছবি ম্লান পৰিব পাৰে বুলিও উল্লেখ কৰে৷ একেদৰে, জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী প্ৰিয়ংদ্বীপ কাকতিয়ে কাজিৰঙা অধ্যয়ন চক্ৰৰ এই মহৎ পদক্ষেপৰ প্ৰশংসা কৰে৷

লগতে তেওঁ সমাজ জীৱন জীয়াই থকাৰ বাবে যি বৌদ্ধিক তথা সাংস্কৃতিক ধাৰা অটুট ৰাখিব লাগে। কাজিৰঙা অধ্যয়ন চক্ৰই সেইখিনিৰ ক্ষেত্ৰত বিগত সময়ছোৱাৰ পৰাই বিশেষ ভূমিকা গ্ৰহণ কৰাৰ কথাৰো শলাগ লয়৷

অনুষ্ঠানত উপস্থিত থাকি জিতু শইকীয়া ফাউণ্ডেছনৰ অন্যতম হোতা স্বৰূপ পপী শইকীয়া আৰু সাংবাদিক চবিত বিষ্টয়ো শুভেচ্চামূলক বক্তব্য দাঙি ধৰে৷ ইপিনে, অনুষ্ঠানৰ ঘোষকৰূপে উপস্থিত চিল্কী প্ৰিয়া শইকীয়া, বিচাৰকৰূপে উপস্থিত ক্ৰমে দেৰগাঁৱৰ অংকুৰ দাস, যোৰহাটৰ প্ৰেৰণা দাস আৰু সোণাৰীৰ দ্বীপেন গগৈ, বিহু সুৰক্ষা সমিতিৰ প্ৰশান্ত বৰাকো সন্মান জনোৱা হয়৷

উদ্যোক্তাসকলে জানিবলৈ দিয়ামতে, এই পৰ্যন্ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সৰ্বমুঠ শতাধিক প্ৰতিযোগীয়ে নাম অন্তৰ্ভুক্ত কৰিছে আৰু স্থানীয়ভাৱে আৰু শিল্পীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ ‘গ্ৰন্থ তথা বাণিজ্য মেলা’ৰ সামগ্ৰিক দিশৰ ব্যৱস্থাপনাত ক্ৰমে তিলক দাস, হিমাংশু দাস আৰু চন্দন বৰাৰ সক্ৰিয়তাৰ শলাগ লয় অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই৷

সাহাই লগতে কয় যে, কাজিৰঙা অধ্যয়ন চক্ৰৰ এদল তৰুণে মিলি বিভিন্ন শৈক্ষিক দিশৰ চৰ্চা অব্যাহত ৰখাৰ সমান্তৰালকৈ ঐতিহাসিক, সামাজিক তথা বৌদ্ধিক ক্ষেত্ৰত কিঞ্চিত সহায়ক হোৱাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে৷ এই গ্ৰন্থ তথা বাণিজ্য মেলাও ইয়াৰে এটি অংশ স্বৰূপ৷

ইয়াত নতুনত্ব আনিবলৈ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত একক আৰু দলীয়ভাৱে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ ইপিনে, কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু জিতু শইকীয়া ফাউণ্ডেছনৰ সহযোগত আয়োজিত ‘ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বাণিজ্য মেলা’লৈ ৰাইজৰ লানি নিছিগা সোঁত দেখিবলৈ পোৱা গৈছে৷

আগন্তুক ১৫ দিনলৈ চলিব লগা এই মেলাত গ্ৰন্থ, বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰ, বস্ত্ৰ তথা ঘৰত ব্যৱহৃত বিভিন্ন সঁজুলিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ আজিৰে পৰা আৰম্ভ হোৱা এই মেলাত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে৷

আজিৰে পৰা নুমলীগড়ত ‘ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বাণিজ্য মেলা’...
প্ৰতিভা বিকাশৰ সফল মঞ্চ খেল মহাৰণ: বিধায়ক ৰূপক শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in